১ কোটি ৮৫ লাখৰো অধিক জালিয়াতিঃ ডিমাপুৰ আৰক্ষীয়ে আটক কৰিলে কাছাৰৰ বেংক বিষয়াক…

১ কোটি ৮৫ লাখৰো অধিক জালিয়াতিঃ ডিমাপুৰ আৰক্ষীয়ে আটক কৰিলে কাছাৰৰ বেংক বিষয়াক…

author-image
asomiyapratidin
New Update
নগালেণ্ডত গ্ৰেপ্তাৰ এনএছচিএন-কেৰ এজন কেডাৰক…

ডিজিটেল সংবাদ ডিমাপুৰঃ নাগালেণ্ড আৰক্ষীয়ে গঠন কৰা এক বিশেষ অনুসন্ধানকাৰী দলে কাছাৰৰ এজন বেংক মেনেজাৰক আটক কৰিছে। ডিমাপুৰৰ পূব আৰক্ষী থানাত আই পি চিৰ 16/2022 U/S 423/406/420/418 নম্বৰত ৰুজু হোৱা এক গোচৰৰ ভিত্তিত পল্লৱ নাগ নামৰ বেংক বিষয়াগৰাকীক আটক কৰিছে।

Advertisment

উল্লেখ্যে যে, পল্লৱ নাগৰ বিৰুদ্ধে জালিয়াতি আৰু প্ৰৱঞ্চনাৰ গোচৰ ৰুজু হৈছিল। তেওঁ ১,৮৫,৩২,০০০ টকাৰ প্ৰৱঞ্চনাৰ গোচৰ ৰুজু হৈছে। নাগালেণ্ড আৰক্ষীৰ মতে অভিযুক্ত ব্যক্তিজনে ডিমাপুৰ শাখাৰ বেংক অফ মহাৰাষ্ট্ৰৰ শাখা প্ৰৱন্ধক হিচাপে নিযুক্তি দিয়াৰ সময়ত আন সহ-অভিযুক্ত ব্যক্তিসকলৰ সৈতে ষ্টেণ্ডআপ ইণ্ডিয়া, পিএমইজিপি, এমএছএমই, এমডিইউআৰএ আদি আঁচনিৰ বিৰুদ্ধে গ্ৰাহকসকলক অসুৰক্ষিত ঋণ মঞ্জুৰ কৰিছিল। ইয়াৰ পিছত তেওঁ বাহন আৰু যন্ত্ৰপাতি ক্ৰয়ৰ বাবে প্ৰদান কৰা অনুমোদিত ঋণৰ পৰিমাণ অভিযুক্তই আত্মসাৎ কৰিছিল।