ডিমা হাচাওৰ চিইএম দেৱলালৰ হাতত প্ৰহৃত হৈ হাফলংঙত চিকিৎসাধীন ৰাহুল গান্ধীৰ নিৰাপত্তা বাহিনীৰ বিষয়া…

ডিমা হাচাওৰ চিইএম দেৱলালৰ হাতত প্ৰহৃত হৈ হাফলংঙত চিকিৎসাধীন ৰাহুল গান্ধীৰ নিৰাপত্তা বাহিনীৰ বিষয়া…

author-image
asomiyapratidin
New Update
অসম আৰক্ষীৰ ফুটবল দলৰ ১০জনৰ দেহত কোভিড পজিটিভ…

ডিজিটেল ডেস্কঃ ডিমাহাচাও স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহীৰ মাৰত আহত হ'ল ৰাষ্ট্ৰীয় বিশেষ সুৰক্ষা বাহিনী (এছপিজি)ৰ বিষয়া। দেওবাৰে নিশা প্ৰায় ৭ বজাত হাফলঙত সংঘটিত হয় এই ঘটনা। উল্লেখযোগ্য যে, দেওবাৰে দিনত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ সভাত সীমিত সংখ্যক লোকহে উপস্থিত হোৱাত খঙত খৰ্গহস্ত হৈ আছিল বিজেপিৰ বিতৰ্কিত নেতা তথা স্বায়ত্ত পৰিষদৰ মুখ্য কাৰ্যবাহী দেৱলাল গাৰ্লোচা।

Advertisment

সভাত শেষ হোৱাৰ পাছত তেওঁ উন্মত্ত অৱস্থাত উপস্থিত হয়গৈ মঙলবাৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে সম্বোধন কৰিবলগীয়া সভাৰ বাবে প্ৰস্তুতি চলাই থকা সভাস্থলিত। সেই সময়ত দিল্লীৰ পৰা আগতীয়াকৈ অহা এছপিজিৰ প্ৰট'ক'ল বিষয়া সহ সভাস্থলিৰ ব্যৱস্থাপনাত জড়িত একাংশ লোক মুখ্যমন্ত্ৰীৰ সভাত বিফল হৈ নিৰ্বাচনত পৰাজয়ৰ স্পষ্ট ছবি অনুধাৱন কৰি সেই সময়ত হিতাহিত হেৰুৱাই পেলাইছিল স্বায়ত্ত পৰিষদৰ বহু বিতৰ্কিত নেতাগৰাকীয়ে।

সেয়ে উৰহৰ খং ভগা ধাৰিত তুলিবলৈ গৈ দিল্লীৰ পৰা অহা এছপিজিৰ প্ৰট'ক'ল বিষয়াগৰাকীক সভাস্থলি তদাৰগ কৰি থকা অৱস্থাতে তেওঁ সংগোপাংগসহ আক্ৰমণ চলায়। ফলত গুৰুতৰভাৱে আহত হয় দিল্লীৰ বিষয়াগৰাকী। পিছত তেওঁক হাফলঙৰ অসামৰিক চিকিৎসালয়লৈ নি চিকিৎসাধীন কৰোৱাৰ সমান্তৰালভাৱে এছপিজি আৰু ইভেন্ট মেনেজমেন্ট গ্ৰুপৰ তৰফৰ পৰা হাফলং থানাত দেৱলাল গাৰ্লোচাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হয়।

ঘটনা বেগতিক দেখি এতিয়া বিষয়াগৰাকী এছপিজিৰ নাছিল, ইভেন্ট মেনেজমেন্টৰহে আছিল, তেওঁলোকক দেৱলালে নহয়, নিৰাপত্তাৰ মানুহেহে চিনিব নোৱাৰি আক্ৰমণ চলালে আদি কথাৰে দেৱলাল গাৰ্লোচা আৰু জিলা বিজেপিয়ে বিষয়টো পাতলাবলৈ চেষ্টা কৰিছে যদিও ইতিমধ্যে সমগ্ৰ ডিমাহাচাওত কংগ্ৰেছৰ সমৰ্থকৰ লগতে বিজেপিৰ কৰ্মীসকলো ক্ষুব্ধ হৈ উঠিছে।

ইয়াৰ নিশ্চিত ফল আগন্তুক নিৰ্বাচনত দেখা পোৱা যাব বুলিও সকলোৱে মন্তব্য কৰিছে। অৱশ্যে ইতিপূৰ্বেই এই কথা স্পষ্ট হৈ পৰিছিল যে হাফলং সমষ্টিৰ পৰা বিজেপি প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতাত নমা দেৱলাল গাৰ্লোচাৰ নিকট আত্মীয় নন্দিতা গাৰ্লোচাৰ বিপৰীতে কংগ্ৰেছৰ প্ৰাৰ্থী ৰূপে প্ৰতিদ্বন্দ্বিতাত নামিছে প্ৰাক্তন মন্ত্ৰী জি চি লাংথাচাৰ পুত্ৰ নিৰ্মল লাংথাচা। প্ৰণিধানযোগ্য যে, এই নিৰ্মল লাংথাচাৰে জ্যেষ্ঠ ভাতৃ পূৰ্ণেন্দু লাংথাচাৰ হত্যাকাণ্ডত অভিযুক্ত দেৱলাল গাৰ্লোচা।