/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/dilip-kr-duttta-face-he-is-no-moreUntitled-3.jpg)
ডিজিটেল ডেস্কঃ বিশিষ্ট লিখক, শিক্ষাবিদ দিলীপ কুমাৰ দত্ত আৰু নাই। দীৰ্ঘদিনৰ অসুস্থতাৰ অন্তত আমেৰিকাৰ ৰ'ড আইলেণ্ডত শেষ নিশ্বাস ত্যাগ কৰে তেওঁ। অসমক প্ৰাণভৰি ভাল পোৱা দিলীপ কুমাৰ দত্ত আছিল সুধাকণ্ঠ ভূপেন হাজৰিকাৰো অতিকৈ ঘনিষ্ঠ।
অসমৰ সাংস্কৃতিক জগতখনৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত দিলীপ কুমাৰ দত্তই বিদেশত গণিতৰ শিক্ষক ৰূপে কাম কৰিলেও, অসমীয়া ভাষা-সংস্কৃতি আৰু সাহিত্য ক্ষেত্ৰখনলৈ তেওঁ আগবঢ়াইছিল বিশেষ অৱদান।
গণিতজ্ঞ হৈও তেওঁ আছিল সাহিত্য আৰু ইতিহাসৰ একান্ত সাধক। দীৰ্ঘদিন বিদেশত থাকিলেও অসমৰ প্ৰতি আছিল তেওঁৰ টান। ১৯৭৯চনতেই বিদেশত লাভ কৰা অভিজ্ঞতাৰে তেওঁ লিখিছিল 'শুভ দিনৰ নিৰ্ঘন্ট' কিতাপখন।
গণিতৰ উপৰিও বিভিন্ন বিষয়ত লেখা মেলা কৰা তেওঁৰ লিখনি সমূহ আছিল চিন্তাশীল তথ্যৰে সমৃদ্ধ। ভূপেন হাজৰিকাৰ আৰু গীত আৰু জীৱনৰ ৰথ তেখেতৰ এখন অন্যতম গ্ৰন্থ আছিল। সুধাকণ্ঠৰ গীতসমূৰ সঠিক অধ্যয়নেৰে তেওঁ ৰচনা কৰিছিল এইখন গ্ৰন্থ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/db562a4d-0a14-4bb9-adb3-b7c052d2b3ef.jpg)
দিলীপ কুমাৰ দত্তই লিখা মোৰ শিক্ষা আৰু মোৰ শিক্ষক অন্যতম এখন উল্লেখযোগ্য গ্ৰন্থ। যোৰহাটৰ তৰাজান প্ৰাথমিক বিদ্যালয়ৰ পৰা শিক্ষাজীৱন আৰম্ভ কৰা দিলীপ কুমাৰ দত্তই পৰৱৰ্তী সময়ত গুৱাহাটীৰ লতাশিল স্কুল, মানিকচন্দ্ৰ মধ্য ইংৰাজী স্কুল, কলেজীয়েত হাইস্কুলত অধ্যয়ন কৰিছিল।
কটন কলেজৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰি দিল্লী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ আৰু পি এইচ ডি ডিগ্ৰী লৈছিল দিলীপ কুমাৰ দত্তই। পৰৱৰ্তী সময়ত ইংলেণ্ডৰ ছাউথাম্পটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিছিল দিলীপ কুমাৰ দত্তই।
কানাডাৰ কেলগেৰী বিশ্ববিদ্যালয়ত শিক্ষকতা জীৱন আৰম্ভ কৰে তেওঁ। তাৰ পাছত ১৯৬৭চনৰ পৰা আমেৰিকাৰ ৰ'ড আইলেণ্ড বিশ্ববিদ্যালয়ত শিক্ষকতা কৰিছিল তেওঁ। ২০০৬চনত চাকৰিৰ পৰা অৱসৰ লোৱা পাছতে তেওঁ কেন্সাৰ ৰোগত আক্ৰান্ত হয়।
এই দুৰাৰোগ্যত ভুগি থাকিলেও, তেওঁৰ সৃষ্টি সাধনা অব্যাহত আছিল। অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাতে লিখা মেলা কৰা দিলীপ কুমাৰ দত্তৰ কেইখনমান উল্লেখযোগ্য ইংৰাজী গ্ৰন্থ হ'ল- মেথছ এডুকেশ্যন এট ইটছ বেটছঃ দ্য পোষ্টগ্ৰাম ম'ডেল, চেন্টাৰ ফৰ টিচিং-লাৰ্ণিং মেথছ, কনচেপ্ট অৱ জিঅ'মেট্ৰী, টেলছ অৱ ৱেষ্টাৰ্ণ ইন্সিৰেশ্যন এণ্ড ইণ্ডিয়া কাৰ্মা, এ ব্ৰিজ ফ্ৰম আমেৰিকা টু শদিয়া ইত্যাদি।
দিলীপ কুমাৰ দত্তই ৰচনা কৰা আন উল্লেখযোগ্য গ্ৰন্থসমূহৰ ভিতৰত 'নিৰ্মলা প্ৰভাৰ গীত আৰু নাৰী জীৱন নদী, ফলি লোৱা বুৰঞ্জী, খুচা-বিন্ধা বুৰঞ্জী, গণেশ গগৈৰ ৰচনা সম্ভাৰ, কালিয়া দমন নাথ, পৰম্পৰাগত শিক্ষা আৰু আইন পূজনীয় ইত্যাদি। ইয়াৰোপৰি, মনে মোৰ কইনা বিচাৰে, প্ৰেম আৰু জীৱন সংগী, প্ৰেমত পৰিলো নেকি, নীলা সুৰভি ভাঙি ইত্যাদি গ্ৰন্থৰ ৰচনা কৰিছিল তেওঁ।
/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2019/09/55c17a99-bcdc-4e04-8407-e2bd0166f77d.jpg)
দিলীপ কুমাৰ দত্তৰ জন্ম হৈছিল ১৯৩৭ত। তেওঁৰ পিতৃৰ নাম আছিল ফণীধৰ দত্ত আৰু মাতৃ ৰত্নেশ্বৰী দত্ত।ব্ৰিটিছ চৰকাৰৰ ফেলশ্বিপ লাভ কৰা তেওঁ আছিল প্ৰথমগৰাকী অসমীয়া ছাত্ৰ। কম্পিউটাৰ অসমীয়া আখৰেৰে লিখা গ্ৰন্থৰ ৰচক আছিল দিলীপ কুমাৰ দত্ত।
সাহিত্য সাধনাৰ লগতে দিলীপ কুমাৰ দত্তই দিবৰু, বেকী আৰু কপিলী নামৰ তিনিটা ফন্ট প্ৰস্তুত কৰিছিল। সৰ্বপ্ৰথম এই ফ'ন্ট কেইটাৰে অসমীয়াত তেওঁ ১৯৮৫চনত প্ৰেমত পৰিলো নেকি গ্ৰন্থখন লিখি উলিয়াইছিল। এইখনে কম্পিউটাৰত অসমীয়া আখৰেৰে লিখা প্রথমখন গ্ৰন্থ আছিল।
এসময়ত লণ্ডনৰ চিটী নামৰে তেখেতে একশিতানো লিখিছিল বাতৰি কাকতত। বিদেশত থাকিও অসমীয়া ভাষা সাহিত্য চৰ্চা কৰা ব্যক্তি ৰূপে তেওঁৰ আছিল অত্যন্ত জাতি আৰু ভাষাৰ প্ৰতি প্ৰেম।তেওঁ লিখা প্ৰায়বোৰ গ্ৰন্থই বেচ জনপ্ৰিয় হৈছিল। ভূপেন হাজৰিকাৰ গীত আৰু জীৱনৰ ৰথ গ্ৰন্থখনত তেওঁ সুধাকণ্ঠক এক বিশেষ ৰূপত দাঙি ধৰিছিল।
দিলীপ কুমাৰ দত্তই সংগ্ৰহ কৰিছিল অসমীয়া সংগীত জগতৰ পুৰণি আৰু বিৰল অসংখ্য গীতৰ ৰেকৰ্ড। তেওঁ বিষ্ণু প্ৰসাদ ৰাভাৰ, প্ৰিয়ৱালা বৰুৱা, গোপাল শৰ্মা, সাৰদা শৰ্মা, চাৰু বৰদলৈ, তাৰিণী চৰণ কাকতি, অমল নাৰায়ণ চৌধুৰী, অনুকুল নাথ, ৰাণী পাল অমিয় মোহন দাস আদি অনেক শিল্পীৰ গীত ডিজিটেল পদ্ধতিৰে সংগ্ৰহ কৰিছিল।
তেওঁ আৰু ৰূপম শৰ্মাই মিলি এপল কোম্পানীৰ আই টিউনৰ জৰিয়তে অসমীয়া গীত ইন্টাৰনেটত সংগ্ৰহৰ ব্যৱস্থা কৰিছিল। তেখেতৰ অসমীয়া গীতৰ সংগ্ৰহ, গোৱা অসমীয়া প্ৰাণ ভৰি কুৰি শতিকাৰ অসম কুৰি কেচেতো আছিল অতি জনপ্ৰিয়।
গণিতজ্ঞ হিচাপে তেখেতে আমেৰিকাৰ উপৰিও, ৰোমানিয়া, ফিনলেণ্ড, মালায়চিয়া আদিত ভালে কেইটা গৱেষণামূলক বক্তৃতা প্ৰদান কৰিছিল। দিলীপ কুমাৰ দত্তৰ প্ৰথমা পত্নী দাৰিক নামৰ এক সন্তান আৰু দ্বিতীয়া পত্নীৰ মানসী নামৰ এগৰাকী কন্যা আছে।পুত্ৰ দাৰিক কৰ্মসূত্ৰে কানাডাত থকাৰ লগতে কন্যা মানসী বৰ্তমান আমেৰিকাৰ বষ্টন চহৰৰ বাসিন্দা।
প্ৰতি বছৰে বিহুত বিদেশত থকা সময়ত ঘৰলৈ আহিছিল দিলীপ কুমাৰ দত্ত। বিশেষকৈ জানুৱাৰীত ঘৰলৈ আহি বহাগ বিহুৰ পাছত উভতিছিল বিদেশলৈ দিলীপ দত্ত। দিলীপ কুমাৰ দত্তই এক সাক্ষাৎকাৰত কৈছিল- 'মই নিয়মীয়াকৈ জানুৱাৰীত ঘৰলৈ আহো, মাঘৰ বিহুৰ আগে আগে আৰু উভতি যাওঁ বহাগ বিহুৰ পাছত।'
তেখেতৰ আত্মজীৱনী মূলক গ্ৰন্থ মোৰ শিক্ষা আৰু মোৰ শিক্ষক ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এখন অতি অনুপ্ৰেৰণাদায়ক গ্ৰন্থ। দিলীপ কুমাৰ দত্তই আমেৰিকাত চাকৰিত যোগদান কৰাৰ পূৰ্বে সেই ৰাষ্ট্ৰখনৰ তিনিখন বিশ্ববিদ্যালয়ৰ পৰা আমন্ত্ৰণ পাইছিল। কোনো বিশ্ববিদ্যালয়ৰ চাকৰিৰ বাবে দৰ্খাস্ত কৰিব লগা হোৱা নাছিল তেওঁ। কিন্তু ৰ'ড আইনলেণ্ডৰ প্ৰতি তেওঁৰ আছিল দুৰ্বলতা।
তেওঁৰ ভাষাত আমেৰিকাৰ সেই চহৰখন আছিল জালুকবাৰী সদৃশ। সেয়েহে তেওঁ এই বিশ্ববিদ্যালয়খনত যোগদান কৰিছিল। এই বিশ্ববিদ্যালয়খনত দিলীপ কুমাৰ দত্তই ৩৮ বছৰৰো অধিক কাল কটাইছিল। দিলীপ কুমাৰ দত্তৰ ঘৰ আছিল যোৰহাটৰ গায়ন গাঁৱত।
কৃষ্ণ কান্ত সন্দিকৈৰ সানিধ্য পাইছিল দিলীপ কুমাৰ দত্তই। অত্যন্ত স্পষ্টবাদী ৰূপে পৰিচিত দিলীপ কুমাৰ দত্তই ৰাজনীতিৰ পৰা সদায় নিজক আঁতৰাই ৰাখিছিল। আনকি গুৱাহাটী বিশ্ববিদ্যালয়ত দেৱ প্ৰসাদ বৰুৱা উপাচাৰ্যৰ আসনত অধিস্থিত মুকলিকৈ সমালোচনা কৰিছিল তেতিয়া দিলীপ কুমাৰ দত্তই। তেওঁ কৈছিল- শৈক্ষিক বাতাবৰণ নষ্ট কৰিছে এই ধৰণৰ ৰাজনীতিৰে। গণতান্ত্ৰিক দেশত ৰাজনীতি লাগে, কিন্তু মই ভাবো শিক্ষা প্ৰতিষ্ঠানক ৰাজনীতি মঞ্চই গঢ়িবলৈ চেষ্টা কৰাতো অনুচিত।
অংকক জনপ্ৰিয় কৰাৰ ক্ষেত্ৰত তেওঁৰ যথেষ্ট অৱদান আছিল। অংক শিকোৱা পদ্ধতি আৰু অংক বিষয়ত বহু গৱেষণা পত্ৰও লিখিছিল তেওঁ। এই দিশত তেখেতৰ মেথছ এডুকেশ্যন এট ইটছ বেটছ এখন উল্লেখযোগ্য গ্ৰন্থ।
সাহিত্য সংস্কৃতিৰ প্ৰতি থকা টানৰ বাবেই তেওঁ গীত আৰু ছবিৰ সৈতেও জড়িত হৈ পৰিছিল। তেখেতৰে এখন গ্ৰন্থ 'মনে মোৰ কইনা বিচাৰে'ৰ আধাৰত এখন অসমীয়া চলচ্চিত্ৰও নিৰ্মাণ হৈছিল। গৱেষণা গ্ৰন্থ, ব্যক্তিগত ৰচনা, সাহিত্য-সংস্কৃতি বিষয়ক লেখা আদিৰে বিদেশত থাকিও অসমীয়া ভাষা-সংস্কৃতিক চহকী কৰি যোৱা এই বিশিষ্ট লিখক তথা শিক্ষাবিদগৰাকীৰ মৃত্যু ৰাজ্যৰ বৌদ্ধিক সমাজৰ বাবে এক বিৰাট ক্ষতি।