কাঠমাণ্ডুত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত দিলীপ বৰ্মনৰ কবিতা পাঠ…

কাঠমাণ্ডুত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত দিলীপ বৰ্মনৰ কবিতা পাঠ…

author-image
asomiyapratidin
New Update
কাঠমাণ্ডুত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সন্মিলনত দিলীপ বৰ্মনৰ কবিতা পাঠ…

ডিজিটেল সংবাদ নলবাৰীঃ অসমৰ গৌৰৱ স্বৰূপ সাহিত্যিক, সাংবাদিক দিলীপ বৰ্মনে সাহিত্য, শিক্ষা, সংবাদ, সমাজসেৱা আদি দিশত কৃতিত্ব অৰ্জন কৰা বাবে ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত কেইবাটিও বঁটা লাভ কৰাৰ লগতে অসম চৰকাৰৰ পৰা লেখক সম্বৰ্ধনা আৰু ২০১৮ বৰ্ষৰ স্বাধীনতা দিৱসতো নলবাৰী জিলা প্ৰশাসনৰ পৰা এগৰাকী নিষ্ঠাবান লেখক হিচাপে সম্বৰ্ধিত হয়৷

Advertisment

অসমীয়া, হিন্দীকে ধৰি কুৰিখনৰো অধিক গ্ৰন্থৰ প্ৰণেতা, শতাধিক আলোচনী, স্মৃতিগ্ৰন্থ, অভিনন্দন গ্ৰন্থ সম্পাদনা কৰা, সাপ্তাহিক বাতৰি কাকত সম্পাদনা কৰা বৰ্মনে নাগপুৰত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় সাহিত্য সন্মিলনতো হিন্দী ভাষত প্ৰণয়ন কৰা কবিতা পাঠ কৰি ভূয়সী প্ৰশংসা লাভ কৰে৷ এইবেলি ইণ্ডো নেপাল ফ্ৰেণ্ডশ্বিপ অৰৰ্গেনাইজেচনে নেপালৰ ৰাজধানী কাঠমাণ্ডুত অনুষ্ঠিত কৰা আন্তঃৰাষ্ট্ৰীয় সন্মিলনলৈ আমন্ত্ৰিত হয়৷

সেই সূত্ৰে কাঠমাণ্ডুৰ ইউনিভাৰচেল কাফেত অনুষ্ঠিত বৰ্ণাঢ্য অনুষ্ঠানত অংশ গ্ৰহণ কৰে৷ অনুষ্ঠানত বৰ্মনে প্ৰথমে সাহিত্য আৰু সামাজিক সম্বন্ধীয় ভাষণ প্ৰদান কৰাৰ লগতে হিন্দী ভাষাত প্ৰণয়ন কৰা দুটি কবিতাও পাঠ কৰে৷ বৰ্মনৰ ভাষণ আৰু কবিতা পাঠত দৰ্শক-শ্ৰোতাই সন্তোষ লাভ কৰাৰ লগতে বৰ্মনক বিশেষভাৱে ধন্যবাদ দিয়ে৷

বুদ্ধ আৰু ড॰ বি আৰ আম্বেদকাৰৰ জন্ম জয়ন্তী উপলক্ষে আয়োজিত অনুষ্ঠানৰ সঞ্চালক ড॰ নেফাসিং খোৱাই আদৰণি ভাষণ দিয়ে৷ বৰ্ণিল তথা বৰ্ণাঢ্য অনুষ্ঠানত মুখ্য অতিথি হিচাপে নেপালৰ প্ৰাক্তন সাংসদ ঋষিবাবু পৰিয়াৰে অংশ গ্ৰহণ কৰি নেপাল ভাৰতৰ বন্ধুত্ব সন্দৰ্ভত সাৰগৰ্ভ ভাষণ প্ৰদান কৰাৰ লগতে অনুষ্ঠানত অংশ গ্ৰহণ কৰা সমূহ প্ৰতিনিধিকে ধন্যবাদ জনায়৷

ইয়াৰ পিছত আন এগৰাকী বক্তা নেপালৰ ৰ'য়েল কাউন্সিলৰ প্ৰাক্তন সদস্য উত্তম কুমাৰ পৰিয়াৰেও প্ৰগতিবাদী চিন্তাধাৰাৰে ভাষণ প্ৰদান কৰে৷ হায়দৰাবাদৰ গায়ক ৰাধা কৃষ্ণণে সুমধুৰ গীত পৰিৱেশন কৰি দৰ্শকক মনোৰঞ্জন দিয়ে৷ সাহিত্যিক দামোদৰ গৌতম, বিনা পোখ্‌ৰেল, নিৰ্মলা পৰিয়াৰ আদিয়ে ভাষণ দিয়াৰ লগতে বিভিন্ন প্ৰান্তৰ পৰা অহা কেইবাগৰাকীও কবিয়ে কবিতা পাঠ কৰি পৰিৱেশ জীপাল কৰি তোলে৷

উল্লেখ থাকে যে অসমৰ পৰা প্ৰতিনিধিত্ব কৰা সাহিত্যিক দিলীপ বৰ্মনে তেওঁ হিন্দী ভাষাত প্ৰণয়ন কৰা গ্ৰন্থৰে অনুষ্ঠানৰ অতিথিসকলৰ লগতে কেইবাগৰাকীও অভ্যাসগতক তেওঁৰ গ্ৰন্থ প্ৰদানেৰে কৃতজ্ঞতা জনায়৷ ঠিক তেনেদৰে সাহিত্যিক দামোদৰ গৌতম, বিনা পোখৰেলেও গ্ৰন্থ প্ৰদান কৰি গ্ৰন্থ অধ্যয়নৰ পৰিৱেশ গঢ়ি তোলে৷ সভাৰ আৰম্ভণিতে যুগ পুৰুষ গৌতম বুদ্ধ, ড॰ বি আৰ আম্বেদকাৰ আৰু বাবু জগজীৱন ৰামলৈ শ্ৰদ্ধা নিবেদন কৰে৷ অনুষ্ঠানৰ আঁত ধৰে টি.এম. কুমাৰে৷