আত্মীয়ৰ ঘৰত হাঁহি-মাতি আহি দিখৌত হেৰাই গ’ল গুৱাহাটীৰ ৫জনীয়া পৰিয়াল

আত্মীয়ৰ ঘৰত হাঁহি-মাতি আহি দিখৌত হেৰাই গ’ল গুৱাহাটীৰ ৫জনীয়া পৰিয়াল

author-image
asomiyapratidin
New Update
আত্মীয়ৰ ঘৰত হাঁহি-মাতি আহি দিখৌত হেৰাই গ’ল গুৱাহাটীৰ ৫জনীয়া পৰিয়াল

ডিজিটেল সংবাদ, শিৱসাগৰঃ শিৱসাগৰত পথ দুৰ্ঘটনাই প্ৰাণ ললে গুৱাহাটীৰ একে পৰিয়ালৰ ৫ সদস্যৰ। আজি সন্ধিয়া প্ৰায় ৭ বজাত দিখৌমুখত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনাটো। এ এছ ০১ ডিকিউ ৯৭৮৮ নম্বৰৰ ছুইফট ডিজায়াৰখনেৰে আত্মীয়ৰ ঘৰৰ পৰা উভতি অহাৰ সময়তে দুৰ্ঘটনাত পতিত হয় পৰিয়ালটো।

Advertisment

মহানগৰীৰ বেলতলা অঞ্চলৰ ব্যৱসায়ী হৰেন বৰা(৫২)ই ৫ জনীয় পৰিয়ালসহ ছুইফট ডিজায়াৰখনেৰে শুকুৰবাৰে গুৱাহাটীৰ পৰা প্ৰকৃত ঘৰ শিৱসাগৰ জিলাৰ নকটানী অঞ্চললৈ আহিছিল। এটা দিন ঘৰখনত কটাই আজি বিয়লিৰ ভাগত দিখৌমুখৰ ৰঘুবাৰী অঞ্চলৰ সম্পৰ্কীয় এঘৰলৈ বুলি ওলাই গৈছিল বৰা। লগত লৈ গৈছিল মাতৃ পুনৌ বৰা(৮৬), পত্নী ফুনু বৰা (৪৮), দুই কন্যা দিক্ষিতা বৰা (২১) আৰু নিক্ষিতা বৰা(১৭)ক।

আলহী ঘৰত সকলোৰে লগত হাঁহি-মাতি তৃপ্তিৰে এসাজ খাই ঘৰমুৱা হৈছিল তেওঁলোক। দিখৌ নৈৰ মথাউৰিৰে উভতনি যাত্ৰা কৰাৰ সময়ত এনে এটা ঘটনাই তেওঁলোকৰ বাবে যে খাপ পিটি ৰৈ আছিল সেয়া ভাবিবই পৰা নাছিল। কিন্তু সেয়াই হ'ল। মথাউৰিৰ বিধ্বস্ত পথত নিয়ন্ত্ৰণ হেৰুৱাই গাড়ীখন বাগৰি পৰে দিখৌৰ পানী যুঁৱলিত।

সহায়ৰ বাবে আটায়ে চিঞৰ-বাখৰ কৰে যদিও ওচৰ-চুবুৰীয়া আহি পোৱাৰ আগতেই গাড়ীখন নৈখনৰ আৰু গভীৰতাত সোমাই পৰে। পিছত স্থানীয় লোকসকলে আৰক্ষীক খবৰ দিয়ে। বাতৰি যুগুতোৱা পৰলকৈ আৰক্ষী আৰু এছডিআৰএফ বাহিনীৰ ডুবাৰুৰ দলে দিখৌৰ বুকুত অভিযান আৰম্ভ কৰিছে যদিও গাড়ীখন উদ্ধাৰ কৰিবলৈ সমৰ্থ হোৱা নাই। আজি পুৱাৰে পৰা নৈখনত পানীৰ পৰিমাণ বৃদ্ধি পোৱাত উদ্ধাৰ অভিযানত যথেষ্ট বাধাৰ সন্মুখীন হৈছে উদ্ধাৰকাৰী দলটো।