ডিজিটেল ডেস্কঃ অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু ঐতিহ্যৰ ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰি "ডিজিটাইজিং অসম” (Digitizing Assam) নামৰ অভিলাষী প্রকল্পটোৰ উদ্যোগত অসমৰ দুষ্প্রাপ্য আলোচনী, বাতৰি কাকত, কিতাপ আৰু সাঁচিপাত আদিৰ এতিয়ালৈকে ১.২৮ নিযুত পৃষ্ঠা অত্যাধুনিক প্রযুক্তিৰ সহায়ত ডিজিটাইজ কৰা কাম সম্পূর্ণ কৰা হৈছে। অসমীয়া ভাষাই গ্রুপদী ভাষাৰ মৰ্য্যাদা পোৱাৰ সময়তেই এই কামটোৱে গোলকীয় মঞ্চত অসমীয়া ভাষা-সংস্কৃতিৰ সন্মান আৰু গুৰুত্ব অধিক অর্থপূর্ণ কৰি তুলিব বুলি আশা কৰা হৈছে।
নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ দ্বাৰা যুটীয়াভাবে হাতত লোৱা এই পদক্ষেপ যোৱা তিনি বছৰৰ পৰা চলি আহিছে। সফলতাৰ প্রথম পৰ্য্যায় সম্পূর্ণ কৰি দ্বিতীয় পৰ্য্যায়ত প্রবেশ কৰা এই প্রকল্পটোৱে সম্প্রতি OCR-AI প্রযুক্তি ব্যৱহাৰৰ দ্বাৰা সন্ধানযোগ্যতাৰ (searchability) ওপৰত গুৰুত্ব প্রদান কৰিছে।
এই ডিজিটাইজড্ ভাণ্ডাৰটোত 'অৰুণোদয়' বাতৰি কাকতৰ সকলো সংস্কৰণৰ উপৰিও অন্যান্য বিৰল প্রকাশন যেনে- বাঁহী, আবাহন, ৰামধেনু আদিও অন্তর্ভুক্ত কৰা হৈছে। তদুপৰি বিভিন্ন বিষয়ৰ ৩৩,৯৭০ খন দুষ্প্রাপ্য কিতাপো ইয়াত অন্তর্ভুক্ত হৈ আছে। এই জ্ঞান আৰু তথ্যৰ ভাণ্ডাৰটি গৱেষণাৰ বাবে এক গুৰুত্বপূর্ণ সম্পদ হোৱাৰ লগতে ভবিষ্যত প্রজন্মৰ বাবে অসমৰ ভাষা-সাহিত্য সংৰক্ষণৰো এক অক্ষত সংগ্রহালয় হিচাপে চিহ্নিত হ'ব।
উল্লেখযোগ্য যে ই এক অ-বাণিজ্যিক ব্যৱস্থা আৰু ইয়াৰ তথ্যসমূহ কোনেও ডাউনলোড কৰিব নোৱাৰিব। ইয়াৰ দ্বাৰা লেখক তথা প্রকাশকসকলৰ স্বত্ব আৰু স্বার্থ সুৰক্ষিত হৈ থাকিব।
অতি সৰল পদ্ধতিৰে assamarchive.org প্লেটফর্মৰ মাধ্যমেৰে এই ডিজিটাইজড্ বিৰল সমলসমূহ সমগ্র বিশ্বৰ যিকোনো প্রান্তৰ গবেষক, পণ্ডিত তথা আগ্রহীসকলে নিজৰ ঘৰতেই বহি ব্যৱহাৰ কৰিব পাৰিব। এই ব্যৱস্থাই অসমৰ ভাষা-সংস্কৃতি-সাহিত্যৰ লগত সকলোৰে এক সহজলভ্য যোগসূত্র গঢ়ি তুলিব।
এই ডিজিটাইজড্ সংগ্রহালয়টোত ১৮৪০ চনৰ পৰা ১৯৭০ চনলৈকে প্রকাশিত আলোচনী, পাণ্ডুলিপি আৰু কিতাপ অন্তর্ভুক্ত হৈ আছে। এইক্ষেত্রত প্রাচীন অসমীয়া সাহিত্য, সংস্কৃত, টাই আৰু আধুনিক অসমীয়া ভাষাৰ সাহিত্যক অগ্রাধিকাৰ প্রদান কৰা হৈছে।
প্রথম পৰ্য্যায়ৰ মুখ্য আকর্ষণ সমূহৰ ভিতৰত আছে ২৬,০০০ খন সাঁচিপাত য'ত বৈষ্ণৱ ধর্ম, বৌদ্ধ ধর্ম আৰু প্রাচীন অসমীয়া ৰীতি-নীতি আৰু পৰম্পৰাৰ দিশ নিহিত হৈ আছে। ইয়াত আছে ৪৯৬ খন আলোচনী আৰু ইয়াৰ ৪১,০৭১ টা সংখ্যা, ৩৩,৯৭০ খন কিতাপৰ ১.২৮৬ খন পৃষ্ঠা।
প্রকল্পটোৱে এতিয়া ইয়াৰ দ্বিতীয়টো পৰ্য্যায়লৈ আগবঢ়াৰ পদক্ষেপ গ্রহণ কৰিছে। দ্বিতীয় পৰ্য্যায়ত OCR-AL প্রযুক্তিৰ সহায়েৰে ডিজিটাইড্ পৃষ্ঠাসমূহৰ পৰা প্রয়োজনীয় তথ্য-সমল অতি সহজেই বিচাৰি উলিয়াব পৰাৰ ব্যৱস্থা কৰা হ'ব।
এনে অত্যাধুনিক প্রযুক্তিৰ প্রয়োগে অসমীয়া সাহিত্যৰ ভঁৰালৰ পৰা যিকোনো সময়তে প্রয়োজনীয় সমল বিচাৰি উলিওৱা, সেইবোৰ অধ্যয়ন আৰু গৱেষণা কৰাৰ ক্ষেত্ৰত এক বৈপ্লবিক পৰিবর্তন আনিবলৈ সক্ষম হ'ব বুলি আমি আশা প্ৰকাশ কৰিছে নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয় ন্যাসে। তেওঁলোকে জনাইছে এনে অত্যাধুনিক প্রযুক্তি ৰূপায়ণৰ বাবে যথেষ্ট পুঁজি আৰু সকলোৰে সহযোগিতাৰো প্রয়োজন হ'ব।
অসমীয়া ভাষাক ধ্রুপদী ভাষা হিচাপে ঘোষণা কৰাৰ লগে লগে 'ডিজিটাইজিং অসম' প্রকল্পই সাংস্কৃতিক আৰু শৈক্ষিক দিশত বিশ্বব্যাপী এক নতুন মাত্রা লাভ কৰিব বুলি ধাৰণা কৰা হৈছে। ধ্রুপদী ভাষা স্বীকৃতিয়ে অসমীয়া ভাষাৰ এক চহকী আৰু সমৃদ্ধ ঐতিহ্যক স্বীকৃতি দিয়াই নহয়, ই আমাৰ ভাষাৰ সম্পদবোৰ বিশ্বজুৰি সহজলভ্য কৰাৰ প্রয়োজনীয়তাও বৃদ্ধি কৰিছে বুলি উল্লেখ কৰিছে এই প্ৰকল্পৰ সৈতে জড়িতসকলে।
উল্লেখ্য যে, মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই ১১ মে' ২০২৩ তাৰিখে জনতা ভৱনত আনুষ্ঠানিকভাবে 'ডিজিটাইজড্ অসম' প্রকল্পৰ শুভাৰম্ভ কৰিছিল। তেওঁ এই প্রকল্পক সাহিত্যৰ সংৰক্ষণৰ এক গুৰুত্বপূর্ণ পদক্ষেপ হিচাপে মান্যতা প্রদান কৰে আৰু ইয়াক সফল কৰিবলৈ ৰাজ্যবাসীৰ সহযোগিতাৰ প্রয়োজনীয়তাৰ কথাও উল্লেখ কৰিছিলয
যদিও ১.২৮ নিযুত পৃষ্ঠা ইতিমধ্যে ডিজিটাইজড্ কৰা হৈছে, প্রকল্পটোৰ অভিযান অব্যাহত ৰাখিবলৈ নিয়মীয়া পুঁজি আৰু প্রযুক্তিগত নতুন নতুন কৌশলৰ প্রয়োজন হৈ পৰিছে। তাৰ বাবে বেচৰকাৰী, ব্যক্তিগত আৰু বিভিন্ন সংগঠন/প্রতিষ্ঠানৰ সক্রিয় সমর্থন আৰু সহযোগিতাৰ নিতান্তই প্রয়োজন।
যদি কোনো ব্যক্তি বা প্রতিষ্ঠানে দুষ্প্রাপ্য পুথি, আলোচনী, বাতৰিকাকত আদি ইতিমধ্যে স্কেন কৰি ৰাখিছে তেনে স্কেন কপিসমূহো 'ডিজিটাইজড্ অসম' প্রকল্পলৈ আগবঢ়াবলৈ আহ্বান জনাইছে এই যৌথ প্ৰকল্পৰ বিষয়ববীয়াই।
এক বিজ্ঞপ্তিত তেওঁলোকে কয় যে, ভৱিষ্যতৰ প্ৰজন্মৰ বাবে আমাৰ ঐতিহ্যময় ভাষা-সংস্কৃতি-সাহিত্যৰ সংৰক্ষণ কৰি তেওঁলোকক অনুপ্রাণিত কৰি থাকিবলৈ এই প্রকল্পক গতিশীল কৰি ৰাখিব লাগিব। সেই উদ্দেশ্যে আমি সকলোৰে পৰা সহযোগিতাৰ বাবে বিনম্রভাবে আহ্বান জনাইছোঁ।
নন্দ তালুকদাৰ ফাউণ্ডেচন আৰু অসম জাতীয় বিদ্যালয় শৈক্ষিক আৰু আর্থ-সামাজিক ন্যাসৰ যুটীয়া উদ্যোগত আৰম্ভ হোৱা 'ডিজিটাইজড্ অসম' প্রকল্পলৈ ইতিমধ্যে অসম সাহিত্য সভা, ডিব্রুগড় বিশ্ববিদ্যালয়, অসম চৰকাৰ, অইল ইণ্ডিয়া লিমিটেড, তেল আৰু প্রাকৃতিক গেছ আয়োগ, নুমলীগড় শোধনাগাৰ লিমিটেড, নর্থ লক্ষীমপুৰ কলেজ, ৰ'য়েল গ্লোবেল ইউনির্ভাচিটি আদিয়ে সহযোগিতা আগবঢ়াইছে।
তাৰোপৰি এই প্রকল্পৰ প্রযুক্তিগত কামখিনিৰ বাবে বহ্নিমান চিষ্টেমচ (Bahniman Systems) নামৰ সংস্থাটোৱে বিনামূলীয়াকৈ সেৱা আগবঢ়াই আহিছে। এই সন্দৰ্ভত বিতংভাৱে জানিবলৈ nandatalukdarfoundation@gmail.com ইমেইলৰ জৰিয়তে অথবা www.assanarchive.org/www.ntfghy.org ৱেবচাইটৰ জৰিয়তে অৱগত হ'ব পাৰিব। অথবা 94350-40993 মোবাইল নম্বৰত যোগাযোগ কৰিব পাৰিব।