বি ভি এফ চি এল হাস্পাতালক চুপাৰ স্পেচিয়েল হাস্পাতাললৈ ৰূপান্তৰঃ ডিজিটেল অ’ পি ডি পঞ্জীয়ন প্ৰক্ৰিয়াৰ শুভাৰম্ভ…

বি ভি এফ চি এল হাস্পাতালক চুপাৰ স্পেচিয়েল হাস্পাতাললৈ ৰূপান্তৰঃ ডিজিটেল অ’ পি ডি পঞ্জীয়ন প্ৰক্ৰিয়াৰ শুভাৰম্ভ…

ডিজিটেল সংবাদ নামৰূপঃ নামৰূপস্থিত বি ভি এফ চি এলৰ অধীনৰ আও পুৰণি চিকিৎসালয়খনক এখন চুপাৰ স্পেচিয়েল হাস্পাতাল  হিচাপে নিৰ্মাণ কৰিবলৈ সাৰ কতৃপক্ষৰ লগতে আগবাঢ়িছে  অসম চৰকাৰ।  তাৰ পৰিপ্ৰেক্ষিতত শুকুৰবাৰে পুৱা ১১.৩০ বজাত চিকিৎসালয়খনত বহি বিভাগৰ ৰোগীৰ  ডিজিটেল পঞ্জীয়ন  প্ৰক্ৰিয়াৰ   (  digital opd  registration system) শুভাৰম্ভ কৰে। উদ্যোগটোৰ  অধ্যক্ষ তথা পৰিচালন সঞ্চালক  ড০ শিৱ প্ৰসাদ মাহান্তিয়ে আনুষ্ঠানিকভাৱে এই আধুনিক কাৰিকৰী প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰি  অধ্যক্ষগৰাকীয়ে কয় যে, চিকিৎসালয়খন উন্নত কৰাৰ চিন্তা চৰ্চা কৰাৰ সময়তে  অসমৰ  মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই  উদ্যোগটোৰ লগতে  ওচৰচুবুৰীয়া ৰাইজৰ সুবিধাৰ বাবে এই চিকিৎসালয়খন চুপাৰ স্পেচিয়েল চিকিৎসালয়লৈ ৰূপান্তৰ  কৰিবলৈ  আগবাঢ়ি আহে।

ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে যোৱা মাহত চিকিৎসালয়খন পৰ্যবেক্ষণ কৰি যায় আৰু শীঘ্ৰে পুনৰ নিৰ্মাণৰ কাম আৰম্ভ হ'ব বুলি মন্তব্যত কয় ।   তেওঁ কয় যে, উদ্যোগটোৰ পঞ্জীকৃত ডীলাৰ সকলৰ সহযোগত  ইতিমধ্যে ৬০ খন  বিশেষ ব্যৱস্থা সম্পন্ন বিচনা , হুইল চেয়াৰ  ডিজিটেল আলট্ৰাছাউণ্ড মেচিন আদি উপলব্ধ কৰা হৈছে। লগতে অতি শীঘ্ৰে  এটি প্ৰধান মন্ত্ৰী জন ঔষধি কেন্দ্ৰ স্থাপন কৰা হ'ব  বুলি অধ্যক্ষ গৰাকীয়ে কয়।  ইয়াৰ সমান্তৰাল ভাৱে স্ত্ৰী ৰোগ বিশেষজ্ঞ, শিশু বিশেষজ্ঞ আৰু চিকিৎসক ,  অপাৰেটৰ, ফাৰ্মাচিষ্টৰ পদ সমূহত শীঘ্ৰেই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিব বুলি বক্তব্যত কয়। চিকিৎসালয়ৰ  মুখ্য চিকিৎসক ডাঃ অজয় বৰুৱাই আদৰণি ভাষণ  প্ৰদানকৰে। অনুষ্ঠানত বিত্ত সঞ্চালক  সুভাষ চন্দ্ৰ দাস,  উৎপাদন সঞ্চালক দিগম্বৰ সাহাই , কোম্পানী সচিব আৰ কে গুপ্তা  আদি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in