জিভা পিচলিল মুখ্যমন্ত্ৰীৰঃ মন্ত্ৰী ৰবিশংকৰ হ’লগৈ পণ্ডিত ৰবিশংকৰ

জিভা পিচলিল মুখ্যমন্ত্ৰীৰঃ মন্ত্ৰী ৰবিশংকৰ হ’লগৈ পণ্ডিত ৰবিশংকৰ

author-image
asomiyapratidin
New Update
জিভা পিচলিল মুখ্যমন্ত্ৰীৰঃ মন্ত্ৰী ৰবিশংকৰ হ’লগৈ পণ্ডিত ৰবিশংকৰ

ডিজিটেল ডেস্কঃ গুৱাহাটীত শনিবাৰে মুকলি হ'ল ডিজিটেল নৰ্থ-ইষ্ট ভিজন ২০২২। ১১হাজাৰ কোটি টকা বিনিয়োগেৰে অসম তথা উত্তৰ-পূৰ্বাঞ্চলক দেশ-বিদেশৰ সৈতে সংযোগ কৰাৰ লক্ষ্যৰে এই নতুন সম্ভাৱনাৰ বাট আৰম্ভ কৰা হৈছে।

কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে শুভাৰম্ভ কৰিছিল এই অনুষ্ঠানৰ। অনুষ্ঠানত অংশ লৈছিল অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

অনুষ্ঠানটোত ভাষণ প্ৰদান কৰিবলৈ গৈ মু্খ্যমন্ত্ৰী সোণোৱালে সম্বোধন কৰিলে 'পণ্ডিত ৰবিশংকৰ' বুলি। সেই সময়ত এই কথা কোনেও হয়তো লক্ষ্য নকৰিলে।

পণ্ডিত ৰবিশংকৰ আৰু মন্ত্ৰী ৰবিশংকৰ আচলতে দুজন মানুহ। দেশবাসীৰ মাজত বিশেষভাৱে পৰিচিত পণ্ডিত ৰবিশংকৰ হ'ল বিশিষ্ট চেতাৰ বাদক।এইগৰাকী বিশিষ্ট সংগীতজ্ঞৰ জন্ম হৈছিল ১৯২০চনৰ ৭ এপ্ৰিলত। ৯২বছৰ বয়সত পণ্ডিত ৰবিশংকৰৰ মৃত্যু হয় ২০১১চনৰ ডিচেম্বৰত।

মু্খ্যমন্ত্ৰী সোণোৱালে ভাষণত কৈছিল- 'মই বিশেষভাৱে পণ্ডিত ৰবিশংকৰ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছো'। এই অনুষ্ঠানত উপস্থিত আছিল কেন্দ্ৰীয় মন্ত্ৰী ৰবিশংকৰ প্ৰসাদ।

১৯৫৪চনত ৩০ আগষ্টত পাটনাত জন্মগ্ৰহণ কৰা ৰবিশংকৰ প্ৰসাদ বৰ্তমান কেন্দ্ৰীয় ইলেক্ট্ৰনিক আৰু তথ্য প্ৰযুক্তি দপ্তৰৰ মন্ত্ৰী। মুখ্যমন্ত্ৰী সোণোৱালে ধন্যবাদ জ্ঞাপন কৰিলে পণ্ডিত ৰবিশংকৰক।

অৱশ্যে মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে মুখ্যমন্ত্ৰী সোণোৱালৰ ভুলটো ধৰিব পাৰিলে। সেয়েহে তেওঁ টিপনী দি ক'লে- 'আপুনি মোক পণ্ডিত আখ্যা দিলে…'।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা শুদ্ধ কৰি নিদিয়া হ'লে বহুতে ভাবি থাকিলে হেতেন, ডিজিটেল নৰ্থ-ইষ্ট ভিজন ২০২২ৰ সৈতে বিশিষ্ট চেতাৰবাদক পণ্ডিত ৰবিশংকৰৰ কি সম্পৰ্ক আছিল।

কিয় তেওঁক মুখ্যমন্ত্ৰীয়ে ধন্যবাদ দিলে? উত্তৰ-পূবক ডিজিটেল মাধ্যমেৰে সুসংহত  ডিজিটেল কাৰ্যসূচীৰ সফল ৰূপায়নেৰে অঞ্চলটোলৈ বহুত পৰিৱৰ্তন আনিব। তেনে এক গুৰুত্বপূৰ্ণ অনুষ্ঠানৰ মাজতেই শনিবাৰে এই ঘটনাটোৱে হাঁহিৰ খোৰাক জগালে। মঞ্চতে হাঁহিলে মেঘালয় আৰু ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰীকে ধৰি কেবাজনে। বহুতে আকৌ এই কথাটো লক্ষ্যই নকৰিলে।