/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/07/dangor-khobr-7.jpg)
তিতাবৰত দুটাকৈ দুৰ্ঘটনাঃ এজন নিহত, ৫ জন আহত...
ডিজিটেল ডেস্কঃ মৰাণৰ খোৱাং মাধকলিৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত ভয়াৱহ পথ দুৰ্ঘটনা ৷ AS 22 C 7957 নম্বৰৰ ডাম্পাৰখনে মহতিয়াই নিয়ে AS 06 X 0435 নম্বৰৰ মাৰুটি ভেনখনক ৷ ফলত মাৰুতি ভেনখনত অহা এজন লোক থিতাতে নিহত হোৱাৰ লগতে আন দুজন গুৰুতৰভাৱে আহত হয় ৷
টিংখাঙৰ পৰা ডিব্ৰুগড় দিশে গৈ থকা অৱস্থাত দুৰ্ঘটনাগ্ৰস্ত হয় বাহন দুখন। নিহত লোকজন টিংখাঙৰ ১ নং ধমন গাঁৱৰ দুলেশ্বৰ সোনোৱাল বুলি চিনাক্ত কৰিছে ৷ আহত দুজন ক্ৰমে ধমন গাঁৱৰ অখিল সোনোৱাল আৰু কপৌহুৱা গাঁৱৰ ৰঞ্জিত গগৈ বুলি জানিব পৰা গৈছে ।
Also Read: শোণিতপুৰত ড্ৰাগছ আৰু নকল সোনৰ নাওঁ জব্দ