নামৰূপত গীত-কবিতা-নৃত্যৰে সুধাকণ্ঠৰ চতুৰ্দশ সংখ্যক স্মৃতি দিৱস পালন

স্বৰগমৰ শাস্ত্ৰীয় সংগীতৰ ছাত্ৰী অনন্যা বৰুৱাই আঁত ধৰা অনুষ্ঠানত শিল্পী গৰাকীৰ সৃষ্টি আৰু অৱদান সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ  যুৱ সংসদৰ উপসভাপতি অনিতা গগৈয়ে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,নামৰূপঃ  নামৰূপৰ স্বৰগম ফাউণ্ডেশ্যন আৰু অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদ নামৰূপ শাখাৰ উদ্যোগত আজি ভাৰত ৰত্ন ড০ ভূপেন হাজৰিকাৰ চতুৰ্দশ সংখ্যক স্মৃতি দিৱসটো বৰ্ণাঢ্য কাৰ্য্যসূচীৰে পালন কৰা হয়।

অনুষ্ঠানৰ আৰম্ভণিতে মহান শিল্পী গৰাকীৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি আৰু বন্তি প্ৰজ্বলন কৰি আদৰণি ভাষণ প্ৰদান কৰে স্বৰগম ফাউণ্ডেশ্যনৰ সচিব তথা নামৰূপ আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সভাপতি স্মৃতি ৰেখা কলিতাই।  লগতে সহযোগ কৰে আবৃত্তি আৰু সংস্কৃতি পৰিষদ নামৰূপ শাখাৰ সম্পাদিকা প্ৰেৰণা চেতিয়াই।

স্বৰগমৰ শাস্ত্ৰীয় সংগীতৰ ছাত্ৰী অনন্যা বৰুৱাই আঁত ধৰা অনুষ্ঠানত শিল্পী গৰাকীৰ সৃষ্টি আৰু অৱদান সন্দৰ্ভত বিস্তৃত ভাষণ প্ৰদান কৰে অসম সাহিত্য সভাৰ  যুৱ সংসদৰ উপসভাপতি অনিতা গগৈয়ে। ইয়াৰ পিছতে ড০ অমৰ জ্যোতি চৌধুৰীয়ে  ভূপেন হাজৰিকাৰ মহা প্ৰয়ানত সৃষ্টি কৰা "এটা গান শেষ হ"ল" শীৰ্ষক গীতি কবিতাৰে অনুষ্ঠানৰ আৰম্ভ কৰা হয়।  

আবৃত্তি কৰে আবৃত্তি আৰু সংস্কৃতি পৰিষদ নামৰূপ শাখাৰ সদস্য সকলে।  ইয়াৰ পিছতে স্বৰগমৰ  কনিষ্ঠ শাখা আৰু উচ্চ শাখাৰ ছাত্ৰ ছাত্ৰী সকলে পৃথকে পৃথকে  সমবেত কণ্ঠত ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে।  আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সদস্যা সকলে  সুধা কণ্ঠৰ "ৰ'দ পুৱাবৰ কাৰণে মাতিবানো কাক" শীৰ্ষক গীতটো  গীতি কবিতা হিচাপে আবৃত্তি কৰি সকলোকে আপ্লুত কৰে।

আনহাতে আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ  জয়পুৰ ক্ষুদ্ৰ শাখাৰ সদস্যা সকলে সৃষ্টিশীল  নৃত্য পৰিবেশন কৰে।  অনুষ্ঠানত স্বৰগমৰ ছাত্ৰী ক্ৰমে লুইচা বৰগোহাঁই, আৰুচি দাস, আৰু দৃষ্টি পাটোৱাৰীয়ে  একক ভাবে ভূপেন্দ্ৰ সংগীত পৰিবেশন কৰে।  অনুষ্ঠানত উপস্থিত  বিশিষ্ট ব্যক্তিৰ একেষাৰ অনুষ্ঠানত কবি মামণি বৰকাকতিয়ে মতামত প্ৰকাশ কৰে। শেষত  শলাগৰ শৰাই আগবঢ়াই অনুষ্ঠানৰ সামৰণি মাৰে।  

নামৰূপ