ডিজিটেল সংবাদ, ধূপধৰাঃ 'আমি জীয়াই থাকিবলৈ হ'লে আমাক শিক্ষা লাগিবই, শিক্ষাই আমাৰ প্ৰধান, শিক্ষা হৈছে সমাজ পৰিৱৰ্তনৰ এক আহিলা, শিক্ষা নাথাকিলে কোনেও আগবাঢ়িব নোৱাৰে' -দেওবাৰে ধূপধৰাত এই মন্তব্য কৰে ডাইনী হত্যা, কুসংস্কাৰ, অন্ধ বিশ্বাসৰ বিৰুদ্ধে যুঁজ দি অহা পদ্মশ্ৰী ড° বীৰু বালা ৰাভাই ৷ ৫৪ খন গাঁও সামৰি লোৱা গোৱালপাৰা জিলাৰ অন্যতম আৰ্থ-সামাজিক অনুষ্ঠান বিকালী মৌজা উন্নয়ন সমিতিয়ে আয়োজন কৰা এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানত তেওঁ লগতে মানুহে মানুহৰ বাবে কাম কৰক বুলি সকলোকে আহ্বান জনায় ৷
উল্লেখযোগ্য যে, বিকালী মৌজা উন্নয়ন সমিতিৰ উদ্যোগত ধূপধৰা সাপ্তাহিক বজাৰ ময়দান প্ৰাংগনত দেওবাৰে এক ৰাজহুৱা সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ বিকালী মৌজা উন্নয়ন সমিতিৰ সভাপতি লৱ কুমাৰ কছাৰীৰ সঞ্চালনাত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানটোত ভাৰত চৰকাৰৰ দ্বাৰা পদ্মশ্ৰী বঁটা প্ৰাপক ড° বীৰু বালা ৰাভাৰ উপৰি অলপতে গোৱাত অনুষ্ঠিত ৰাষ্ট্ৰীয় কিক বক্সিং প্ৰতিযোগিতাত স্বৰ্ণ পদক লাভ কৰা মাছলাম মধ্য ইংৰাজী বিদ্যালয়ৰ ছাত্ৰ মৃণাল কুমাৰ ৰাভাকো সম্বৰ্ধনা জনোৱা হয় ৷
আনহাতে একেটা অনুষ্ঠানত বিগত নিৰ্বাচনত জয়লাভ কৰি নিৰ্বাচিত হোৱা ৩৬ নং দুধনৈ বিধানসভা সমষ্টিৰ বিধায়ক যাদৱ স্বৰ্গীয়াৰীকো সম্বৰ্ধনা জনোৱা হয় ৷ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটোত বিকালী মৌজা উন্নয়ন সমিতিৰ তৰফৰ পৰা আটাইকেইগৰাকী ব্যক্তিকে একোখনকৈ সম্বৰ্ধনা পত্ৰ, শৰাই, জাপি, ফুলাম গামোছা, আৰনাই তথা পাজাৰেৰে সম্বৰ্ধনা জনোৱা হয় ৷ ইফালে, একেটা অনুষ্ঠানতে ড° বীৰুবালা ৰাভা সমন্বিতে তিনিওগৰাকী ব্যক্তিক ধূপধৰা তিনিদলীয়া ৰাইজ, ধূপধৰা মিলন সংঘ, লেখিকা সমাৰোহ, ধূপধৰা আঞ্চলিক ৰাভা ছাত্ৰ সন্থা, ধূপধৰা মুছলিম ৰাইজ, শ্ৰী শ্ৰী জগতগুৰু নামঘৰ, ধূপধৰা ৰাভাপাৰা ৰাইজ, ধূপধৰা মহিলা সমিতি আৰু খুটাবাৰী গাঁও উন্নয়ন সমিতিয়েও সম্বৰ্ধনা জ্ঞাপন কৰে৷ অনুষ্ঠানটোত কেবাটাও স্থানীয় অনুষ্ঠান-প্ৰতিষ্ঠানৰ ব্যক্তি তথা কেবাগৰাকী জন প্ৰতিনিধি আৰু বিশিষ্ট ব্যক্তি উপস্থিত থাকে৷