ডিজিটেল সংবাদ বোকাখাতঃ ঐতিহাসিক ধোদৰ আলিক 'অসম মালা আঁচনি'ৰ অধীনত চাৰিলেন যুক্ত পথলৈ উন্নীতকৰণৰ সিদ্ধান্ত হাতত লৈছে অসম চৰকাৰে। এই কথা বুধবাৰে সদনত উল্লেখ কৰে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই। এই সন্দৰ্ভত চলিত বৰ্ষৰ ১৩ জানুৱাৰীত সেইসময়ৰ গোলাঘাট জিলাৰ উপায়ুক্ত বিভাস চন্দ্র মোডীৰ জৰিয়তে ঐতিহাসিক ধোদৰ আলিক চাৰিলেন যুক্ত পথলৈ উন্নীতকৰণৰ দাবী জনাই অসমৰ মুখ্যমন্ত্ৰীলৈ গোলাঘাটৰ জ্যেষ্ঠ সাংবাদিক তথা প্ৰকৃতি প্ৰেমী অপূৰ্ব বল্লভ গোস্বামীয়ে প্ৰেৰণ কৰিছিল এখন স্মাৰক পত্ৰ।
৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কমাৰগাঁৱত স্বৰ্গদেউ গদাধৰ সিংহৰ প্ৰতিমূৰ্তিৰে এখন উদ্যান স্থাপনৰো দাবী উত্থাপন কৰা হৈছিল উক্ত স্মাৰক পত্ৰত ।উল্লেখযোগ্য যে, ডিব্ৰুগড় জিলাৰ জয়পুৰৰ পৰা চৰাইদেউ , শিৱসাগৰ , যোৰহাট আৰু গোলাঘাট জিলাক সংলগ্ন কৰি কমাৰগাঁৱলৈকে ২১২ কিলোমিটাৰ দৈৰ্ঘৰ এই ঐতিহাসিক পথচোৱা আহোম স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হৈছিল ।
উত্তৰ পূৰ্বাঞ্চলৰ বিশেষকৈ অৰুণাচল প্ৰদেশ , নগালেণ্ডৰ পৰিবহণ ব্যৱস্থাকো সংলগ্ন কৰিছে এই পথচোৱাই।এই ঐতিহাসিক পথচোৱাৰ উন্নয়নত চৰকাৰে বিশেষ পদক্ষেপ গ্ৰহণ কৰিলে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ আৰ্থিক দিশত এক যুগান্তকাৰী পদক্ষেপ হিচাপে চিহ্নিত হ'ব বুলি স্মাৰক পত্ৰখনত উল্লেখ কৰা হৈছিল।
অৱশেষত ঐতিহাসিক ধোদৰ আলিক 'অসম মালা আঁচনি'ৰ অধীনত চাৰিলেন যুক্ত পথলৈ উন্নীতকৰণৰ সিদ্ধান্ত অসম চৰকাৰে হাতত লৈছে বুলি বুধবাৰে সদনত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰাত মুখ্যমন্ত্রী গৰাকীৰ লগতে অসম চৰকাৰক আন্তৰিকতাৰে শলাগ লৈছে সাংবাদিক পেঞ্চনাৰ বিশিষ্ট সমাজকৰ্মী অপূৰ্ব বল্লভ গোস্বামীয়ে।