Advertisment

ধুবুৰীত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদঃ হয় মাটি দিয়ক নহয় গুলীয়াই মাৰক..

ধুবুৰীত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদঃ হয় মাটি দিয়ক নহয় গুলীয়াই মাৰক..

author-image
asomiyapratidin
New Update
ধুবুৰীত উচ্ছেদৰ বিৰুদ্ধে প্ৰতিবাদঃ হয় মাটি দিয়ক নহয় গুলীয়াই মাৰক..

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰী জিলাৰ গৌৰীপুৰ সমষ্টিৰ আলমগঞ্জ নৱমখণ্ডৰ হজাৰিঝৰ্ণা গাৱত ১৯৬২আৰু ৬৫ চনৰ পৰা বসবাস কৰি অহা প্ৰায় ৩০০ টা পৰিয়াল উচ্ছেদৰ সম্মুখীন হৈছে। গাঁওখনক সামৰি ২৫০ বিঘা ভূমি জিলা প্ৰশাসনে ইতিমধ্যে হস্তান্তৰ কৰিছে বি এছ‌ এফক।

Advertisment

গাওবসীক ঘৰ-বাৰী স্থানান্তৰ কৰাৰ বাবে বি এছ‌ এফে ১৫ আগষ্টলৈকে বান্ধি দিছে সময় সীমা। ইয়াৰ সমন্তৰালকৈ বি এছ এফে গাঁওখনৰ চাৰিওফালে দিছে কাইটিয়া তাৰৰ বেৰ। বি এছ এফৰ মৌখিক জাননী লাভ কৰাৰ পাছতেই আতংকত ভাত পানী এৰি অনিদ্ৰাত কটাইছে গাঁওবাসী।গাঁওবাসীৰ এটাই কথা, হয় আমাক মাটি দিয়ক নহ'লে আমাক গুলীয়াই মাৰক,যাবলৈ ঠাই নাই।

উল্লেখ্য যে,গাঁওখনৰ শতাধিক পৰিয়ালে পাইছে প্ৰধানমন্ত্ৰীৰ আৱাস যোজনাৰ গৃহ, লাভ কৰিছে বিদ্যুৎ সেৱা। গাঁওখনত আছে এখন চৰকাৰী বিদ্যালয় আৰু বহুকেইটা অংগনড়াৰী কেন্দ্ৰ।ভূমিৰ পট্টা অথবা পুনৰ সংস্থাপনৰ দাবীত যোৱা কিছু দিন ধৰি গাঁওবাসীয়ে চলাই গৈছে ধাৰাবাহিক আন্দোলন। বৃহস্পতিবাৰেও ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত তীব্ৰ আন্দোলন গঢ়ি তোলে স্থানীয় ৰাইজে। এই আন্দোলনৰ মাজতে ঘাই পথ অৱৰোধ কৰাৰ চেষ্টা কৰাত আন্দোলনকাৰী ৰাইজৰ ওপৰত আৰক্ষীয়ে লাঠি চালনা কৰে।