/asomiyapratidin/media/media_files/2026/02/12/ujjjdd-2026-02-12-10-36-21.jpg)
ডিজিটেল সংবাদ, তামাৰহাটঃ ধুবুৰীৰ জিলাৰ তামাৰহাটৰ মটেৰঝাৰত আজি ৰাতিপুৱা এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় । ধুবুৰীৰ গোলকগঞ্জৰ পৰা কোকৰাঝাৰ জিলাৰ শ্ৰীৰামপুৰ অভিমুখে আহি থকা তীব্ৰ বেগী ডাম্পাৰে প্ৰচণ্ড খুন্দা মাৰে একে দিশতে অহা যাত্ৰীবাহী ই-ৰিক্সাত ।
ফলত ডাম্পাৰৰ খুন্দাত থিতাতে নিহত হয় অনিল মালাকৰ নামৰ এজন ই-ৰিক্সা যাত্ৰী । আনহাতে সংকট জনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ই-ৰিক্সা চালক খয়বৰ শ্বেখ ওৰফে ভেঁকুক । জানিব পৰা মতে নিহত অনিল মালাকাৰৰ ঘৰ গোলকগঞ্জ থানাৰ অন্তৰ্গত মটেৰঝাৰৰ আমতোলাত ।
ই-ৰিক্সা চালক খয়বৰ শ্বেখ ওৰফে ভেঁকুক স্থানীয় ৰাইজে ততাতৈয়াকৈ মটেৰঝাৰ আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও সংকট জনক অৱস্থাত উন্নত চিকিৎসাৰ বাবে ধুবুৰী চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে । উল্লেখ্য যে নিৰ্মীয়মান ১২৭ বি ৰাষ্ট্ৰীয় ঘাইপথত প্ৰায়েই ডাম্পাৰে দুৰ্ঘটনা সংঘটিত হৈ আহিছে । মন কৰিবলগীয়া যে দুৰ্ঘটনা সংঘটিত কৰি পলায়ন কৰে ডাম্পাৰখন ।
ইপিনে স্থানীয় ৰাইজে খেদি খেদি সন্দেহজনক ভাবে আটক কৰে দুখন কৈ ডাম্পাৰ । আটকাধীন ডাম্পাৰ দুখনৰ নম্বৰ NL 01A F 9296 আৰু MZ04 A6438 । ডাম্পাৰ দুখন আটক কৰি ক্ষোভিত ৰাইজে ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে । ঘটনস্থলীত গোলকগঞ্জ আৰক্ষী উপস্থি হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰাৰ লগতে স্থিতি নিয়ন্ত্ৰণ কৰি তদন্ত অব্যাহত ৰাখিছে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us