/asomiyapratidin/media/media_files/2025/08/18/ujjs-2025-08-18-10-19-54.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ আজি পুৱা ধুবুৰীৰ মেলা ঘাটৰ পাৰত এজন অধিবক্তাৰ মৃতদেহ উদ্ধাৰ হোৱাক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে। উদ্ধাৰকৃত মৃত অধিবক্তা গৰাকীক ধুবুৰীৰ দক্ষিন কলেজ নগৰ এলেকাৰ এ টি এম আনিছুৰ আলম বুলি চিনাক্ত কৰা হৈছে।
ধুবুৰীৰ দক্ষিন কলেজ নগৰ এলেকাৰ মইনুদ্দিন আহমেদৰ পুত্ৰ অধিবক্তা এ টি এম আনিছুৰ আলমৰ বয়স প্ৰায় ৪৭ বছৰ বুলি জানিব পৰা গৈছে। উল্লেখ্য যে কালি সন্ধিয়া ৭.৩০ বজাত ঘৰৰ পৰা ওলাই গৈছিল অধিবক্তা গৰাকী। পিচত তেওঁৰ ম'বাইলৰ ফোন চুইচ অফ পাইছিল পৰিয়ালৰ লোকে।
গভীৰ নিশা তেওঁৰ মটৰ চাইকেল খন ধুবুৰী মেলা ঘাটত পৰি থকা পাইছিল পৰিয়ালৰ লোকে। আজি অধিবক্তা জনৰ মৃতদেহ উদ্ধাৰ হোৱাৰ খবৰ পোৱাৰ পিচতে ধুবুৰী আৰক্ষী, ধুবুৰী অধিবক্তা সন্থাৰ বিষয়-ববীয়া সকল ঘটনাস্থলীত উপস্থিত হয়। ইপিনে অধিবক্তা গৰাকীৰ মৃতদেহ উদ্ধাৰৰ ঘটনাক লৈ আৰক্ষীয়ে ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2024/11/06/2024-11-06t103056273z-dwa-ad-banner-2024-300x250.png)
Follow Us