ডিমৰীয়া আৰু ধুবুৰীত উদযাপন স্বাধীনতা দিৱস...

সমগ্ৰ দেশৰ লগতে ডিমৰীয়া সমজিলা প্ৰশাসনৰ উদ্যোগত আজি সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াঙ্গনত দেশৰ ৭৯তম স্বাধীনতা দিৱসটো কেন্দ্ৰীয় ভাবে উদযাপন কৰা হয়। তদুলপক্ষে ত্ৰিৰঙ্গা উত্তোলন কৰে সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই।পতাকা

author-image
Asomiya Pratidin
New Update
dhudd

ডিমৰীয়া সমজিলাত স্বাধীনতা দিৱস উদযাপন

সমগ্ৰ দেশৰ লগতে ডিমৰীয়া সমজিলা প্ৰশাসনৰ উদ্যোগত আজি সোণাপুৰ ক্ষুদ্ৰ ক্ৰীড়াঙ্গনত দেশৰ ৭৯তম স্বাধীনতা দিৱসটো কেন্দ্ৰীয় ভাবে উদযাপন কৰা হয়। তদুলপক্ষে ত্ৰিৰঙ্গা উত্তোলন কৰে সমজিলা আয়ুক্ত বিশ্বজিৎ শইকীয়াই।পতাকা উত্তোলন কৰি সমজিলা আয়ুক্তই দেশৰ স্বাধীনতা সংগ্ৰামৰ সেনানীসকলৰ মহান ত্যাগক স্মৰণ কৰি বীৰ ছহিদসকললৈ শ্ৰদ্ধাঞ্জলি নিবেদন কৰাৰ লগতে স্বাধীনতা দিৱসৰ তাৎপৰ্য ব্যাখ্যা কৰে।  দেশৰ ৭৯তম স্বাধীনতা দিৱস উপলক্ষে আৰক্ষীৰ লগতে অঞ্চলটোৰ বিভিন্ন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে মাৰ্চপাচ প্ৰদৰ্শনৰ লগতে সাংস্কৃতিক অনুষ্ঠানো পৰিৱেশন কৰি সকলোকে আপ্লুত কৰে।

ধুবুৰীতো  উদযাপন কৰা হয় দেশৰ ৭৯তম স্বাধীনতা দিৱস

Advertisment

ধুবুৰী ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত কেন্দ্ৰীয় ভাৱে উদযাপন কৰা হয় দেশৰ স্বাধীনতা দিৱস ।  ধুবুৰীৰ ৰজা প্ৰভাত চন্দ্ৰ বৰুৱা খেল পথাৰত পুৱা ৯ বজাত কেন্দ্ৰীয় ভাৱে পতাকা উত্তোলন কৰে ধুবুৰী জিলা আয়ুক্ত দিবাকৰ নাথে। ইয়াৰ লগতে আৰক্ষী, এন চি চি , গৃহৰক্ষী বাহিনী, চিভিল ডিফেঞ্চৰ দলৰ দ্বাৰা পেৰেড প্ৰদৰ্শন কৰাৰ লগতে জিলা খনৰ বিভিন্ন সাংস্কৃতিক গোষ্ঠীৰ দ্বাৰা গীত নৃত্যও পৰিৱেশন হয় । 

স্বাধীনতা দিৱস