ধুবুৰীত নদী পথেৰে ইউৰিয়া সাৰৰ ক’লা বেহাঃ ইউৰিয়া ভৰ্তি নাওসহ দুজনক আটক

ধুবুৰীত এক দুষ্ট চক্ৰই দীৰ্ঘদিনে নদী পথেৰে ইউৰিয়া সাৰৰ ক’লা বেহা চলাই থকাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই নীৰৱ ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে।

author-image
Asomiya Pratidin
New Update
ধুবুৰীত নদী পথেৰে ইউৰিয়া সাৰৰ ক’লা বেহাঃ ইউৰিয়া ভৰ্তি নাওসহ দুজনক আটক

ডিজিটেল সংবাদ ধুবুৰীঃ ধুবুৰীত এক দুষ্ট চক্ৰই দীৰ্ঘদিনে নদী পথেৰে ইউৰিয়া সাৰৰ ক’লা বেহা চলাই থকাৰ পিছতো সংশ্লিষ্ট কৰ্তৃপক্ষই নীৰৱ ভূমিকা পালন কৰি অহাৰ অভিযোগ উত্থাপিত হৈছে। নদী পথেৰে ইউৰিয়া সাৰৰ সৰবৰাহ কৰি দুষ্টচক্ৰ এটিয়ে ৰমৰমীয়া ব্যৱসায় চলাই আছে। 

অভিযোগ মতে দুষ্ট চক্ৰটোৱে ধুবুৰীৰ পৰা বাঘমাৰা হৈ নদী পথেৰে কাউনবাৰী, পিঁ‌য়াজবাৰী আদি স্থানলৈ ইউৰিয়া সাৰৰ বস্তা সমূহ লৈ যায়।এই অভিযোগ পোৱাৰ পাছতে আজি গৌৰীপুৰ আৰক্ষীৰ এটি দলে এক অভিযান চলাই বাঘমাৰাৰ টিপকাই নদীত এখন ইউৰিয়া ভৰ্তি সাৰ জব্দ কৰাৰ লগতে দুজন লোককো আৰক্ষীয়ে আটক কৰিছে। 

পাছত গৌৰীপুৰ আৰক্ষীৰ দলটোৱে জব্দকৃত বৃহৎ পৰিমাণৰ ইউৰিয়া সাৰৰ বস্তাসমূহ গৌৰীপুৰ আৰক্ষী থানালৈ আনে। উল্লেখযোগ্য যে কোন এই ৰাসায়নিক সাৰৰ ক’লা বেহাত জড়িত তাৰ কোনো তথ্য আৰক্ষীৰ হাতত নাই। 

এইক্ষেত্ৰত দুষ্ট চক্ৰটোৱে ইউৰিয়া সাৰৰ ক’লা বেহা চলাই থকাৰ বাবে আৰু কিমান দিন কৃষকৰ মূৰত মাধমাৰ পৰিব নে আৰক্ষী ইয়াৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব সেয়া এতিয়া লক্ষ্যণীয় বিষয় হৈ পৰিছে। আনহাতে ইউৰিয়া সাৰ ভৰ্তি নাওখনৰ পৰা আৰক্ষীয়ে নাৱৰীয়া ছানিদুল হক আৰু নিগম খান নামৰ এজন লোকক আটক কৰি গৌৰীপুৰ আৰক্ষী থানালৈ লৈ আনিছে। ইউৰিয়া সাৰৰ ক’লা বেহাৰ সৈতে জড়িত দলটো বৰ্তমানেও পলাতক বুলি জানিব পৰা গৈছে। 

ইউৰিয়া সাৰ