কোচবিহাৰ জিলা পুথিভঁৰালত অনাদৃত আৰু অৱহেলিত ৰূপত গুৰুজনাৰ সাঁচিপাতৰ পুথি...

অসম চৰকাৰক পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰা আহ্বান মধুপুৰ সত্ৰ সমিতিৰ...
কোচবিহাৰ জিলা পুথিভঁৰালত অনাদৃত আৰু অৱহেলিত ৰূপত গুৰুজনাৰ সাঁচিপাতৰ পুথি...
Published on
Updated on

ডিজিটেল সংবাদ, ধুবুৰী : মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে কোচবিহাৰত জীৱনৰ অন্তিম মূহুৰ্তত তেওঁৰ অনবৈদ্য সৃষ্টি গুণমালাকে ধৰি ৰচনা কৰা কেইবাখনো পুথিৰ লগতে মধুপুৰ সত্ৰত থকা গুৰুজনাৰ দ্বাৰা ৰচিত সাঁচিপাতৰ পুথিতকে আদি কৰি বহু সংখ্যক পুথি বৰ্তমান কোচবিহাৰ জিলাৰ জিলা পুথিভঁৰালত অতি অনাদৃত আৰু অৱহেলিত ৰূপত বিশৃংখল হৈ পৰি আছে। মধুপুৰ সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে এই সন্দৰ্ভত প্ৰকাশ কৰা এটা বিবৃতিত জনাই যে, অলপতে বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ছাত্ৰৰ এটা প্ৰতিনিধি দলে মধুপুৰ সত্ৰ আৰু কোচবিহাৰৰ জিলা পুথিভঁৰাল পৰিদৰ্শন কৰা সময়ত গুৰুজনাৰ অনুপম সৃষ্টি আৰু ঐতিহ্যপূৰ্ণ অসমীয়া কৃষ্টি-সংস্কৃতিৰ দলিল এই সাঁচিপতিয়া পুথিসমূহ ক্ৰমাৎ উৱলি যোৱাৰ উপক্ৰম হোৱাৰ তথ্য পোহৰলৈ আহিছে।

বিশ্ববিদ্যালয়ৰ ছাত্ৰ দলটোৰ এক সূত্ৰই সত্ৰ সমিতিক জনোৱা মতে, দলটোৱে পুথিসমূহ ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰি ৰখাৰ বাবে আগ্ৰহ প্ৰকাশ কৰিছে। কিন্তু পশ্চিমবংগ চৰকাৰৰ অনুমতি অবিহনে সংৰক্ষণৰ বাবে অন্য অনুষ্ঠান-প্ৰতিষ্ঠান লৈ পুথিবোৰ হস্তান্তৰ কৰিব নোৱাৰে বুলি দলটোক পুথিভঁৰাল কৰ্তৃপক্ষই জানিবলৈ দিয়ে। সূত্ৰটোৰ পৰা আৰু জানিবলৈ পোৱা মতে, পুথিভঁৰাল কৰ্তৃপক্ষই পুথিবোৰ সংৰক্ষণ কৰি ৰখাৰ বাবে পশ্চিমবংগ চৰকাৰৰ পৰা আৰ্থিক অনুদান বিচাৰিছে যদিও বংগ চৰকাৰে কোনো ধৰণৰ অনুদান এই পৰ্যন্ত আগবঢ়োৱা নাই।

মধুপুৰ সত্ৰ সমিতিয়ে গুৰুজনাই নিজ হাতে লিখা এই অনুপম সৃষ্টি সাঁচিপতিয়া পুথিসমূহ ডিজিটেল পদ্ধতিৰে সংৰক্ষণ কৰি ৰখাৰ বাবে অসম চৰকাৰক উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনাইছে। যথা সম্ভৱ অতি সোনকালে এইবোৰ বিজ্ঞানসন্মতভাৱে সংৰক্ষণ নকৰিলে সত্ৰীয়া সংস্কৃতিৰ এই আপুৰুগীয়া সম্পদসমূহ চিৰদিনৰ বাবে নাইকীয়া হৈ যাব বুলি আশংকা প্ৰকাশ কৰা হৈছে। প্ৰসংগক্ৰমে, উল্লেখযোগ্য যে, অসম চৰকাৰে শেহতীয়াভাৱে সত্ৰ চৌহদত এটা সংগ্ৰহালয় স্থাপনৰ বাবে এক অতি আদৰণীয় সিদ্ধান্ত গ্ৰহণ কৰিছে। সংগ্ৰহালয়টোৰ নিৰ্মাণ কাৰ্য সোনকালে সমাপ্ত কৰি এই সম্পদসমূহ সংৰক্ষণ কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ সত্ৰ সমিতিয়ে অসম চৰকাৰক আহ্বান জনায়।

সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদকে বিবৃতিটোত উল্লেখ কৰা মতে, অসম চৰকাৰৰ উদ্যোগত সত্ৰ চৌহদত কেইবাটাও প্ৰকল্প নিৰ্মাণ কাৰ্য চলি আছে। চৰকাৰৰ এনে ধৰণৰ কাৰ্য ব্যৱস্থা অতি প্ৰসংশনীয়। কিন্তু এই নিৰ্মাণ কাৰ্যত জড়িত লোকসকলে অতি লেহেমীয়া গতিত কামসমূহ আগবঢ়াই নিয়াৰ ফলত প্ৰকল্পসমূহৰ পৰা ভক্তপ্ৰাণ ৰাইজে সুবিধা লাভ কৰিব পৰা নাই। প্ৰায় তিনিবছৰ আগতেই সত্ৰত থকা অসম চৰকাৰৰ সাংস্কৃতিক কেন্দ্ৰটোৰ বাবে নিৰ্মাণ কৰা আটক ধুনীয়া ভৱনটো লৈ আজিলৈ কেন্দ্ৰটো স্থানান্তৰৰ নকৰাত বৰ্তমানে কেন্দ্ৰৰ কাৰ্য্যলয়টো গোহালি সদৃশ হৈ পৰিছে। তাৰোপৰি পৰ্যটন বিভাগে নিৰ্মাণ কৰা অতিথিশালাটো উপযুক্ত পৰিচালনাৰ অভাৱত ব্যৱহাৰৰ অনুপযোগী হৈ পৰিছে। প্ৰায় ৫০ লাখ টকা ব্যয়ৰে নিৰ্মাণ কৰা নাটঘৰটোৰ শব্দ নিয়ন্ত্ৰণ ব্যৱস্থা বিজ্ঞানসন্মত নোহোৱাত যিকোনো কাৰ্যসূচী ৰূপায়নত বাধাৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত ধুবুৰী জিলা প্ৰশাসনে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা নাই বুলি অভিযোগ উত্থাপন হৈছে।

মধুপুৰ সত্ৰ সমিতিয়ে অসমৰ মুখ্যমন্ত্ৰী ড⁰ হিমন্ত বিশ্ব শৰ্মা আৰু পৰ্যটন মন্ত্ৰী জয়ন্ত মল বৰুৱাই শেহতীয়াভাৱে মধুপুৰ সত্ৰৰ লগতে কোচবিহাৰ অঞ্চলৰ বিভিন্ন সত্ৰ আৰু নামঘৰৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা ব্যৱস্থাৰ প্ৰতি আদৰণি জনাইছে। সত্ৰ সমিতিয়ে গুৰুজনাই দেহ ত্যাগ কৰা ঐতিহাসিক মধুপুৰ সত্ৰৰ উন্নয়নৰ দিশটো অধিক গতিশীল কৰাৰ বাবে মুখ্যমন্ত্ৰীক আহ্বান জনোৱাৰ লগতে সাঁচিপতিয়া পুথিসমূহ ডিজিটেল ৰূপত সংৰক্ষণ কৰিবৰ বাবে পশ্চিমবংগ চৰকাৰৰ লগত যোগাযোগ কৰিবলৈ আহ্বান জনাইছে।

কোচবিহাৰ জিলা পুথিভঁৰালত অনাদৃত আৰু অৱহেলিত ৰূপত গুৰুজনাৰ সাঁচিপাতৰ পুথি...
লামডিঙত প্ৰচণ্ড শিলাবৃষ্টি: ব্যাহত যাতায়ত-বিদ্যুতৰ সেৱা...

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in