/asomiyapratidin/media/media_files/2025/12/12/1-2025-12-12-11-03-37.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰী জিলাৰ নৱগঠিত গৌৰীপুৰ বিধানসভা সমষ্টিৰ আঠানিস্থিত হৰেন্দ্ৰ নাৰায়ণ উচ্চ মাধ্যমিক বিদ্যালয়ত অসম চৰকাৰে অত্যাধুনিক গৃহ নিৰ্মাণৰ বাবে প্ৰায় ৪৪ লাখ টকা আবন্টন দিয়ে। নিৰ্মাণ কামৰ বাবে MUA Enterprise নামৰ ভেণ্ডত ২ লাখ, M/S Lucky Enterprise নামৰ ভেণ্ডৰত ৭ লাখ আৰু ফজল আলী নামৰ ব্যক্তি এজনৰ বেংক একাউণ্ট ১ লাখ টকা পৰিচালনা সমিতিয়ে প্ৰদান কৰে।
কিন্তু বিদ্যালয় খনৰ পৰিচালনা সমিতিৰ সভাপতি ৰাজীৱ কুমাৰ কৰয়ে ভেণ্ডৰ স্বত্বাধিকাৰীৰ পৰা ডিজিটেল লেনদেনেৰে প্ৰায় ২ লাখ টকা কমিচন নিয়াৰ এক গুৰুতৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় সচেতন ব্যক্তি সকলে। তাৰোপৰি গৃহ নিৰ্মাণ কাম আৰম্ভ কৰিছে ঠিকেই কিন্তু আৰম্ভণিতেই ভেটিত নিম্নমানৰ ইটা, শিল, বালি আদিকে ধৰি সকলো সামগ্ৰী অতি নিম্ন মানৰ ব্যৱহাৰ কৰাৰো অভিযোগ ৰাইজৰ।
সেয়ে এই সংক্ৰান্তত বিভাগীয় কৃৎপক্ষই অতি সোনকালে এক তদন্ত কৰি বিহীত ব্যৱস্থা লোৱাৰ বাবে দাবী জনাইছে। আনফালে আকৌ একেখন বিদ্যালয়ত প্ৰায় দহ বছৰে এচ এম চি ৰ সভাপতিৰ পদত অধিষ্ঠিত হৈ থকা ঘটনাই ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us