পকছ' আইনৰ অধীনত এজনক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড

পকছ' আদালতে সাক্ষী লোৱাৰ পিচতে আজি ধুবুৰীৰ পকছ' আদালতৰ অতিৰিক্ত ছেচন ন্যায়াধীশ তথা বিশেষ ন্যায়াধীশ ৰিণি ভৰালীৰ আদালতে  ছফিউদ্দিন আলীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহে...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ, ধুবুৰীঃ   ধুবুৰীৰ পকছ' আদালতৰ অতিৰিক্ত ছেচন ন্যায়াধীশ তথা বিশেষ ন্যায়াধীশে আজি এক ঐতিহাসিক ৰায় যোগে এগৰাকী নাবালিকাক শাৰিৰীক আতিশায্য চলোৱাৰ অভিযোগত ছফিউদ্দিন আলী(৫৫) নামৰ এজন লোকক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১৫ হেজাৰ টকাৰ জৰিমনা বিহে।

জৰিমনা অনাদায়ে অতিৰিক্ত ২ মাহ কাৰাৱাস খাটিব লাগিব বুলি ৰায় দানত উল্লেখ কৰিছে। উল্লেখযোগ্য যে, বিগত ২০২৪ চনৰ ৫ মাৰ্চত নাবালিকাৰ পিতৃয়ে ধুবুৰীৰ এএমকোৰোড আৰক্ষী চকীত এখন এজাহাৰ দাখিল কৰিছিল। সেই এজাহাৰ খনত উল্লেখ কৰা মতে উক্ত দিনা পুৱা প্ৰায় ১১ বজাত তেওঁৰ ৭ বছৰীয়া কন্যাক ধুবুৰীৰ বিদ্যাপাৰা দ্বিতীয় খণ্ড এলেকাৰ বাসিন্দা ছফিউদ্দিন আলীয়ে তেওঁৰ ঘৰত ফুচুলাই লৈ গৈ শাৰিৰীক আতিশায্য চলায়।

ভুক্তভোগী পৰিয়ালে এই বিষয়ে জানিবলৈ পাৰি ছফিউদ্দিনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰে। ধুবুৰীৰ এএমকোৰোড আৰক্ষী চকীৰ পৰা গোচৰটো ধুবুৰী থানা লৈ অহাত এই সন্দৰ্ভত ছফিউদ্দিন আলীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬-এবি আৰু পকছ' আইনৰ আৰ/ডব্লিউ ধাৰা অনুসৰি ৬৮/২০২৪ নম্বৰৰ এটি গোচৰ ধুবুৰী থানাত পঞ্জীয়ন হৈছিল। 

পৰৱৰ্তী সময়ত ধুবুৰী আৰক্ষী থানাৰ তদন্তকাৰী আৰক্ষী বিষয়াই গোচৰটোৰ তদন্ত কৰি আদালতত চাৰ্জশ্বীট দাখিল কৰিছিল। আদালতত গোচৰটোৰ তদন্ত চলি থকা অৱস্থাত ছফিউদ্দিনক জামিন প্ৰদান কৰা হোৱা নাছিল। জেল হাজোতত ৰাখি আদালতত হাজিৰ কৰোৱা হৈছিল।  

এই সংক্ৰান্তত পকছ' আদালতে সাক্ষী লোৱাৰ পিচতে আজি ধুবুৰীৰ পকছ' আদালতৰ অতিৰিক্ত ছেচন ন্যায়াধীশ তথা বিশেষ ন্যায়াধীশ ৰিণি ভৰালীৰ আদালতে  ছফিউদ্দিন আলীক ২০ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহাৰ লগতে ১৫ হেজাৰ টকাৰ জৰিমণা বিহে বুলি আজি আদালতৰ এটি সূত্ৰই সদৰী কৰিছে।

চৰকাৰী পক্ষৰ হৈ ধুবুৰীৰ পকছ' আদালতৰ স্পেচিয়েল পিপি ঋতুপৰ্ণা গুহই যুক্তি প্ৰদৰ্শন কৰে। আনহাতে আচামী পক্ষৰ হৈ অধিবক্তা মন্তোষ শীল শৰ্মাই গোচৰটোৰ প্ৰতিনিধিত্ব আদালতত কৰিছিল যদিও আদালতত যুক্তি-তৰ্ক শুনানিৰ আগমূহুৰ্তত অধিবক্তা মন্তোষ শীল শৰ্মাই গোচৰটো চলাবলৈ অমান্তি হোৱাত আদালতে আচামী পক্ষৰ বাবে চৰকাৰী অধিবক্তা নিযুক্তি দি গোচৰটো চলাই লৈ গৈ আজি এই ঐতিহাসিক ৰায় দিয়ে।

ধুবুৰী