/asomiyapratidin/media/media_files/2025/12/23/1-2025-12-23-22-48-56.jpg)
ডিজিটেল সংবাদ,গৌৰীপুৰঃ বাংলাদেশত চলি থকা হিন্দু ধৰ্মীয় লোকৰ ওপৰত মৌলবাদীৰ পাশৱিক নিৰ্যাতনক সামাজিক মাধ্যমত মুকলি সমৰ্থন জনাই জে'লৰ ভাত খাবলগীয়া হৈছে এজন যুৱক। গৌৰীপুৰ আৰক্ষীয়ে আজি ধুবুৰী জিলাৰ গৌৰীপুৰৰ বানীয়ামাৰী ষষ্ঠ খণ্ড গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে বাবুল হুছেইন নামৰ এজন তথাকথিত ইউটিউবাৰক।
জানিব পৰা মতে, বাংলাদেশত শেহতীয়াকৈ এজন হিন্দু যুৱকক গছত হাত-ভৰি বান্ধি অতি নিৰ্মমভাৱে জীয়াই জীয়াই জ্বলাই দিয়াৰ এক জঘন্য ভিডিঅ' ভাইৰেল হৈছিল। সমগ্ৰ বিশ্বই এই ঘটনাক গৰিহণা দি থকাৰ সময়তে বাবুল হুছেইনে এই হিংসাত্মক কাৰ্যক সমৰ্থন কৰি নিজৰ ছচিয়েল মিডিয়া একাউণ্টত ভিডিঅ' আপলোড কৰিছিল।
বাবুল হুছেইনৰ এই উচতনিমূলক আৰু সাম্প্ৰদায়িক সম্প্ৰীতি নষ্ট কৰিব পৰা কাৰ্যৰ বিৰুদ্ধে গৌৰীপুৰ আৰক্ষীৰ দৃষ্টিগোচৰ হোৱাৰ লগে লগে আৰক্ষীয়ে তৎপৰতাৰে অভিযান চলাই যুৱকজনক গ্ৰেপ্তাৰ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us