/asomiyapratidin/media/post_attachments/asomiyapratidin/2024-10-18/7kbtvqax/dhubri-pc-18.jpg)
দুৰ্বৃত্তই ভাঙি লণ্ডভণ্ড কৰিলে ধুবুৰী প্ৰেছ ক্লাব...
ডিজিটেল সংবাদ ধুবুৰীঃ দুৰ্বৃত্তৰ আক্ৰমণৰ লক্ষ্য হ'ল ধুবুৰী প্ৰেছ ক্লাব। ধুবুৰী প্ৰেছ ক্লাবত নিশা দুৰ্বৃত্তই প্ৰবেশ কৰি এফালৰ পৰা বয়-বস্তু তথা বিভিন্ন সামগ্ৰী ধ্বংস কৰি উধাও হৈছে।
জানিব পৰা মতে প্ৰেছ ক্লাবটোত প্ৰবেশ কৰা দুৰ্বৃত্তই প্ৰেছ ক্লাবৰ বেনাৰ ছিঙাৰ লগতে টিভি, কেৰম ব'ৰ্ড আদি ভাঙি লণ্ডভণ্ড কৰিছে। তাৰোপৰি প্ৰেছ ক্লাবত থকা স্বামী বিবেকানন্দ ফটোও ফালি চূড়ান্ত অপমান কৰিছে।
দুৰ্বৃত্তৰ দলটো প্ৰেছ ক্লাবৰ পাছফালৰ দুৱাৰেৰে প্ৰবেশ কৰি এইদৰে ভিতৰৰ সামগ্ৰী সমূহ লণ্ডভণ্ড কৰি পাছত ওলাই যোৱাৰ সময়ত বাহিৰৰ পৰা দুৱাৰ বন্ধ কৰি থৈ যায়। প্ৰেছ ক্লাবৰ বিভিন্ন গুৰুত্বপূৰ্ণ নথি পত্ৰৰ লগতে অন্যান্য সামগ্ৰী থকা এটা ষ্টিলৰ আলমিৰাৰো দুৰ্বৃত্তৰ দলটোৱে ক্ষমতি কৰিছে।
অৱশ্যে এই দলটোৱে কোনো সামগ্ৰী চুৰি কৰা নাই। সেয়ে তেওঁলোকে প্ৰেছ ক্লাবৰ ক্ষতি কৰাৰ উদ্দেশ্যৰেই প্ৰবেশ কৰি এই কাম কৰা বুলি সন্দেহ কৰা হৈছে। আজি প্ৰেছ ক্লাবৰ বিষয়ববীয়াই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়াত ঘচনাস্থলীত উপস্থিত হয় ধুবুৰী আৰক্ষীয়ে।
ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ ধুবুৰীতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।
Also Read: ইতিহাস প্ৰসিদ্ধ ফুলগুৰি ধেৱা দিৱসঃ স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন...