ঐতিহাসিক কোচবিহাৰৰ মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰৰ বাসগৃহ হস্তান্তৰ...

ধুবুৰী জিলা প্ৰশাসনৰ উপস্থিতিত মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰৰ বাসগৃহ হস্তান্তৰ...

author-image
Asomiya Pratidin
New Update
ঐতিহাসিক কোচবিহাৰৰ মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰৰ বাসগৃহ হস্তান্তৰ...

ডিজিটেল সংবাদ, ধুবুৰী: মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰৰ বাসগৃহ হস্তান্তৰ। ঐতিহাসিক কোচবিহাৰৰ মধুপুৰ সত্ৰৰ ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ হিচাপে বিগত ২৫ ফেব্ৰুৱাৰীত মনোনীত কৰা ডেকা সত্ৰাধিকাৰ পীতাম্বৰ ভকতক ৩ এপ্ৰিলত মধুপুৰ সত্ৰৰ সত্ৰাধিকাৰ গৰাকীয়ে ব্যৱহাৰ কৰা বাসগৃহ আৰু সত্ৰৰ পৰিচালনাৰ বাবে প্ৰয়োজন হোৱা সা-সামগ্ৰীসমূহ সত্ৰীয়া পৰম্পৰা ৰক্ষা কৰি আনুষ্ঠানিকভাৱে হস্তান্তৰ কৰা হয়।

Advertisment

সত্ৰ সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে জনোৱা মতে, ৩ এপ্ৰিলত মধুপুৰ সত্ৰত অনুষ্ঠিত হোৱা স্থানীয় তদাৰক সমিতিৰ সাধাৰণ সভাত ভাৰপ্ৰাপ্ত সত্ৰাধিকাৰ পীতাম্বৰ ভকতক পূৰ্বৰ সত্ৰাধিকাৰ গৰাকীৰ অসুস্থতাৰ বাবে পৰিচৰ্যা কৰিবলৈ নিয়োগ কৰা ভকত মাধৱ মহন্তই সত্ৰাধিকাৰৰ বাসগৃহ আৰু সত্ৰৰ প্ৰয়োজনীয় সামগ্ৰীসমূহ হস্তান্তৰ কৰে।

উল্লেখযোগ্য যে, এই হস্তান্তৰ অনুষ্ঠানত ধুবুৰী জিলা প্ৰশাসনৰ হৈ অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া, সত্ৰ সমিতিৰ উপদেষ্টা প্ৰাক্তন বিধায়ক গুনিন্দ্ৰ নাথ দাস, উপ-সভাপতি বনমালী পাঠকৰ লগতে সত্ৰশাল সত্ৰ, জিনকাটা সত্ৰ, পশ্চিমবংগৰ হৰিপুৰ সত্ৰ আৰু জলপাইগুৰিৰ জলপেশ সত্ৰৰ ভকত-বৈষ্ণৱৰ উপৰিও মধুপুৰ সত্ৰৰ স্থানীয় শতাধিক ভকত আৰু আইসকল উপস্থিত থাকে।

Also Read: আজিৰে পৰা আৰম্ভ হ'ল লামডিং শ্ৰী শ্ৰী শীতলা মা মহোৎসৱ...

madhupur satra