/asomiyapratidin/media/media_files/2026/01/06/3-2026-01-06-22-11-44.jpg)
ডিজিটেল সংবাদ,ধুবুৰীঃ ধুবুৰীত নতুনকৈ সুৰাৰ দোকান খোলাক কেন্দ্ৰ কৰি আজি স্থানীয় ৰাইজৰ উত্তাল প্ৰতিবাদ।
ধুবুৰীৰ ঝগৰাপাৰ গাঁও পঞ্চায়তৰ অন্তৰ্গত খলিলপুৰত শম্ভু বৰ্মন নামৰ এজন ব্যক্তিয়ে মদৰ দোকান আৰম্ভ কৰিবলৈ লোৱাত অঞ্চলটোৰ ৰাইজে আজি প্ৰতিবাদ সাব্যস্ত কৰে।
স্থানীয় ৰাইজৰ অভিযোগ,খলিলপুৰ অঞ্চলখন এখন জনবসতি অঞ্চল। ইয়াৰ গাতে লাগি আছে কেইবাটাও স্কুল,কলেজ, মঠ - মন্দিৰ আৰু ব্যক্তিগত চিকিৎসা কেন্দ্ৰ। ওচৰতে আছে ধুবুৰী মেডিকেল কলেজ আৰু চিকিৎসালয়। ইয়াৰ উপৰিও একেবাৰে কাষতে আছে ধুবুৰীৰ ঝগৰাপাৰ ষ্টেডিয়াম।
এনে এখন ঠাইত মদৰ দোকানৰ অনুমতি দিয়াটো কোনোপধ্যেই গ্ৰহণযোগ্য নহয় আৰু ইয়াক ৰাইজে মানি নলয় ! শম্ভু বৰ্মনৰ মদৰ দোকানৰ অনুজ্ঞাপত্ৰ অতি শীঘ্ৰেই বাতিল কৰাৰ বাবে ধুবুৰী জিলা আয়ুক্তক কাতৰ অনুৰোধ জনায় অঞ্চলটোৰ ৰাইজে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us