ধুবুৰীত ৰাষ্ট্ৰীয় পেলু নাশক অভিযান

মুঠ ৬ লাখ ৬ হাজাৰ ৩৩৮ জন শিশু, কিশোৰ -কিশোৰীক লক্ষ্য হিচাপে লৈ চলোৱা হ'ব পেলু নাশক দৰৱ সেৱন অভিযান...

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধুবুৰীঃ   ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় পেলু নাশক অভিযানৰ অংশৰূপে আজি ধুবুৰী জিলাটো আনুষ্ঠানিক ভাৱে এই অভিযানৰ শুভাৰম্ভ কৰা হয়। অহা ১৮ ডিচেম্বৰ লৈ চলিব লগীয়া ৰাষ্ট্ৰীয় পেলু নাশক অভিযানৰ অংশ হিচাপে আজি ধুবুৰী চহৰৰ জৱাহৰ হিন্দী উচ্চ বিদ্যালয়ত আয়োজন কৰা এক অনুষ্ঠানত ধুবুৰী জিলাৰ অতিৰিক্ত মূখ্য চিকিৎসা বিষয়া ( পৰিয়াল পৰিকল্পনা) ডাঃ হুছেইন আলি আহমেদে অংশ গ্ৰহণ কৰে।

 শুভাৰম্ভণি অনুষ্ঠানত চিকিৎসকদ্বয় মুজ্জাদ্দিদ খন্দকাৰ আৰু প্ৰেৰণা খেটাৱট য়ে পেলুনাশক দৰৱ এলবেনডাজল সেৱনৰ প্ৰয়ো জনীয়তা আৰু চাফ- চিকুনতাৰ বিষয়ে সবিশেষ ব্যাখ্যা শিক্ষাৰ্থী সকলক উদ্দেশ্যি দাঙি ধৰে। শুভাৰম্ভণি অনুষ্ঠানত বিদ্যালয়খনৰ প্ৰধান শিক্ষক দ্বীপক প্ৰসাদ সহ অন্যান্য শিক্ষক-শিক্ষয়ত্ৰীৰ উপৰিও জিলা স্বাস্থ্য সমিতিৰ জিলা মিডিয়া বিশেষজ্ঞ ময়েজ উদ্দিন আহমেদ, ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰমৰ সমন্বয়ক চিৰাজুল ইছলাম, নগৰীয়া স্বাস্থ্য সমন্বয়ক নজৰুল ইছলাম উপস্থিত থাকে।

উল্লেখযোগ্য যে, ধুবুৰী জিলা স্বাস্থ্য সমিতিৰ অধীনত ১ ৰ পৰা ১৯ বছৰৰ ভিতৰৰ এইবাৰ ৬ লাখ,৬ হাজাৰ,৩৩৮ জন শিশু, কিশোৰ -কিশোৰীক লক্ষ্য হিচাপে লৈ ধুবুৰী জিলা স্বাস্থ্য সমিতিয়ে শিক্ষা বিভাগ আৰু সমাজ কল্যাণ বিভাগৰ সৈতে যৌথ ভাৱে অহা ১৮ ডিচেম্বৰ লৈ পেলু নাশক দৰৱ সেৱন কৰোৱাৰ বাবে এক বিশেষ অভিযান হাতত লৈছে।

যাৰ ভিতৰত ২৫৯৮ খন শিক্ষানুষ্ঠান আৰু ২১৩৫ খন অঙ্গনাবাদী কেন্দ্ৰও আছে।জিলা খনত মুঠ লক্ষ্যৰ শিক্ষানুষ্ঠানৰ শিক্ষাৰ্থী ৪ লাখ,৩৩ হাজাৰ,৪৮৩ জন, অঙ্গনাবাদী কেন্দ্ৰ শিশুৰ ৯৫ হাজাৰ,১২০ জন, শিক্ষানুষ্ঠান বৰ্হিভূত ১৯ বছৰীয়া পৰ্যন্ত ৭ হাজাৰ,৯১০ জন আৰু ১-৩ বছৰীয়া শিশু ৭০ হাজাৰ ২৫ জন বুলি জানিব পৰা গৈছে।

ধুবুৰী