/asomiyapratidin/media/media_files/2025/09/04/1-2025-09-04-13-40-32.jpg)
ডিজিটেল সংবাদ, ধুবুৰীঃ বৃহস্পতিবাৰে ধুবুৰীত জিলা ছাত্ৰ সন্থাই ১১ ঘণ্টীয়া অনশন কাৰ্যসূচী পালন কৰে। সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত অসমৰ পৰা অবৈধ বাংলাদেশী, মৌলবাদীক উৎখাত আৰু অসম চুক্তি ৰূপায়ণেৰে অবৈধ বিদেশী প্ৰব্ৰজন সমস্যাৰ স্থায়ী সমাধানৰ দাবীত অনশন কাৰ্যসূচী পালন কৰে। পুৱা ৬ বজাত আছুৰ ধুবুৰী জিলা গোটে আৰম্ভ কৰা এই অনশন কাৰ্যসূচী আজি বিয়লি ৫ বজাত অন্ত পৰিব বুলি জানিব পৰা গৈছে।