ধেমাজি প্ৰেছ ক্লাৱত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ সংবাদমেল...

ৰাজ্যত বাৰে বাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ হৈ থকাৰ কথা মুখ্যমন্ত্ৰীৰ মুখত প্ৰায়ে প্ৰকাশ হৈ থাকে ৷ অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনী ক’ৰবাত নিষ্ক্ৰিয় নেকি ?

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজি: ধেমাজি প্ৰেছ ক্লাবত এখনি সংবাদমেল সম্বোধন কৰে বিৰোধী দলৰ দলপতি তথা কংগ্ৰেছৰ জ্যেষ্ঠ নেতা দেৱব্ৰত শইকীয়াই ৷ বিৰোধী দলৰ নেতা গৰাকীয়ে সংবাদমেলত বিজেপি তথা মুখ্যমন্ত্ৰীক লক্ষ্য কৰি কেবাটাও মন্তব্য কৰে।

1juyy

তেওঁ কয় যে, ৰাজ্যত বাৰে বাৰে বাংলাদেশী অনুপ্ৰৱেশকাৰী গ্ৰেপ্তাৰ হৈ থকাৰ কথা মুখ্যমন্ত্ৰীৰ মুখত প্ৰায়ে প্ৰকাশ হৈ থাকে ৷ অনুপ্ৰৱেশকাৰীক বাধা দিয়াৰ ক্ষেত্ৰত সীমান্ত সুৰক্ষা বাহিনী ক’ৰবাত নিষ্ক্ৰিয় নেকি ?

তেওঁ লগতে কয়, এই ক্ষেত্ৰত গৃহমন্ত্ৰী অমিত শ্বাহৰ বিভাগ বিফল নেকি? এই সন্দৰ্ভত কেন্দ্ৰীয় গৃহমন্ত্ৰীলৈ পত্ৰ লিখাৰ কথা উল্লেখ কৰে সংবাদমেলত বিৰোধী দলপতি গৰাকীয়ে।

2

তাৰোপৰি অচিনাকি মানুহে পতাকা উত্তোলন কৰা তথা অচিনাকি মুখৰ চৰ্চা চলি থকাৰ মাজতে বিৰোধী দলপতি গৰাকীয়ে মুখ্যমন্ত্ৰী গৰাকীলৈ প্ৰশ্ন তুলি বৰ্তমানৰ মন্ত্ৰী সভাৰ দুজন মন্ত্ৰী সন্দৰ্ভতো প্ৰশ্ন কৰে বিৰোধী দলপতি গৰাকীয়ে ৷ 

3

আগন্তুক বিধানসভা নিৰ্বাচনত যিসকলে বিজেপিৰ বিৰুদ্ধে যুঁজিব খোজে সেই সমূহ আঞ্চলিক দলৰে মিত্ৰতা সন্দৰ্ভত মন্তব্য কৰে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই।

দেৱব্ৰত শইকীয়া