/asomiyapratidin/media/media_files/2025/10/06/1-2025-10-06-21-52-16.jpg)
ডিজিটেল সংবাদ, ধুবুৰী: ধুবুৰীৰ ভাৰত-বাংলাদেশ আন্ত:ৰাষ্ট্ৰীয় সীমান্তত চোৰাং সৰবৰাহকাৰী দল সক্ৰিয় হৈ পৰা দেখা গৈছে। ভাৰতৰ পৰা অবৈধ ভাবে গৰু-ম'হ ভাৰত -বাংলাদেশ সীমান্তৰ নদী পথেৰে চোৰাং ভাবে সৰৱৰাহ কৰি থকাৰ সময়তে এইবাৰ চোৰাং কাৰবাৰীৰ দলটোৱে নদী পথেৰে বাংলাদেশলৈ মচলাৰ বস্তা চোৰাং ভাবে পাৰ কৰি থকাৰ ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
দলটোৱে বিভিন্ন মচলা জাতীয় খাদ্য সামগ্ৰীৰ বিশেষ কৈ জিৰাৰ বস্তা চোৰাং ভাবে বাংলাদেশ লৈ পাৰ কৰি থকাৰ তথ্য পোহৰ লৈ আহিছে। যোৱা নিশা ধুবুৰীৰ ভাৰত-বাংলাদেশ সীমান্তৰ একেবাৰে দুৰ্গম মন্ত্ৰীৰ চৰ আৰু চৌকীৰ চৰ অঞ্চলত সীমান্তত টহলদাৰীৰ দায়িত্বত থকা বিএছএফ ৰ দলে এক অভিযান চলাই মন্ত্ৰীৰ চৰ আৰু চৌকীৰ চৰ দুয়োখন ঠাইৰ পৰা মুঠ ২২ টা কৈ জিৰাৰ বস্তা উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
চোৰাং দলটোৱে উক্ত জিৰাৰ বস্তা সমুহ নদী পথেৰে বাংলাদেশলৈ চোৰাং ভাবে পাৰ কৰাৰ যো-জা চলাই থকাৰ সময়তে বিএছএফ ৰ অভিযানকাৰী দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ উক্ত জিৰাৰ বস্তা সমূহ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইপিনে এন্ধাৰৰ সুযোগ লৈ চোৰাং বেপাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয়।
তথ্য অনুসৰি, অসমত খুচুৰা হিচাপত প্ৰতি কিল'গ্ৰাম জিৰাৰ মূল্য ৩০০ ৰ পৰা ৪০০ টকা। ইয়াৰ বিপৰীতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলা দেশত খুচুৰা হিচাপত প্ৰতিকিল'গ্ৰাম জিৰাৰ মূল্য ৯৫০ টকাৰ পৰা ১১৫০ টকা দৰত বিক্ৰী হৈ আছে।
স্বাভাৱিকতে বাংলাদেশত জিৰাৰ চাহিদা তুলনা মূলক ভাবে বেছি হোৱাত সম্প্ৰতি ধুবুৰীৰ পৰা নদী পথেৰে বাংলাদেশলৈ জিৰাৰ চোৰাং বেহা চলি থকাক লৈ ধুবুৰীৰ সচেতন মহল উদ্বিগ্ন হৈ পৰা দেখা গৈছে। আনপিনে আজি বিএছএফে জব্দ কৃত জিৰাৰ ২২ টা কৈ বস্তা ধুবুৰী স্থিত জিএছটিৰ সহকাৰী আয়ুক্তৰ কাৰ্যালয়ত জমা দিয়ে।