"সুৰক্ষিত শৈশৱ সোণালী অসম"-৯০ দিনীয়া অভিযানৰ শুভাৰম্ভ

এই কাৰ্যসূচীত বিশেষকৈ শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত সজাগতা অনাৰ বাবে এই সমূহ পদক্ষেপ গ্ৰহণ কৰা হয়।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধুবুৰী: আজি ধুবুৰী পুথিভঁৰাল প্ৰেক্ষাগৃহত জিলা শিশু সুৰক্ষা গোট আৰু ধুবুৰী জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা শিশু সুৰক্ষা সমিতি, মহিলা আৰু শিশু বিকাশ বিভাগৰ সহ যোগত "সুৰক্ষিত শৈশৱ সোণালী অসম" শীৰ্ষক এক ৯০ দিনীয়া শিশু সুৰক্ষা অভিযানৰ উদ্বোধনী কাৰ্যসূচী অনুষ্ঠিত হয়।

এই কাৰ্যসূচীত বিশেষকৈ শিশুৰ অধিকাৰ আৰু সুৰক্ষাৰ লগত সংগতি ৰাখি ৰাইজৰ মাজত সজাগতা অনাৰ বাবে এই সমূহ পদক্ষেপ গ্ৰহণ কৰা হয়।আজিৰ এই শুভ আৰম্ভণি অনুষ্ঠানৰ প্ৰথমতে অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি শ্ৰদ্ধাণ্জলি নিবেদন কৰা হয়।

আজিৰ উক্ত অনুষ্ঠানত উপস্থিত থকা জিলা আৰক্ষী প্ৰশাসন ৰ মহিলা বিষয় ববীয়া সকলকে ধৰি অধিবক্তা সকলে শিশু সুৰক্ষা আৰু শিশু অধিকাৰৰ বিভিন্ন আইন, পকছ' আইন, শিশু নিৰ্যাতন, বাল্য বিবাহ, শিশু শ্ৰমিকৰ লগতে শিশুৰ সুৰক্ষা আৰু অধিকাৰৰ ওপৰত ভাৰতীয় ন্যায় সংহিতাৰ অধীনত প্ৰযোজ্য হোৱা বিভিন্ন আইনৰ বিষয়ে আলোকপাত কৰে।

শিশুৰ সুৰক্ষা আৰু অধিকাৰৰ ওপৰত আজিৰ অনুষ্ঠানটোত উপস্থিত থকা অধিবক্তা সকলে শিশুৰ ক্ষেত্ৰত যিকোনো ধৰণৰ শাৰিৰীক নাইবা মানসিক নিৰ্যাতন হ'লে কেনেদৰে আৰক্ষী নাইবা শিশু কল্যাণ সমিতিৰ ওচৰ চাপিব লাগে আৰু ছোৱালীৰ বয়স ১৮ বছৰ আৰু ল'ৰাৰ বয়স ২১ বছৰ নোহোৱাকৈ বিবাহ পাশত আৱদ্ধ হ'লে কেনেধৰণৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ'ব।

অথবা পৰিচয় বিহীন শিশুৰ উদ্ধাৰ হ'লে কেনেদৰে আৰক্ষী নাইবা শিশু কল্যাণ সমিতিক অৱগত কৰিব লাগিব লগতে শিশু শ্ৰমিক হিচাপে কোনোবাই নিয়োগ কৰাৰ ওপৰত কোনো তথ্য পালে সেইক্ষেত্ৰত চাইল্ড লাইন- ১০৯৮ টোলফ্ৰী  নম্বৰত ফোন কৰিব লাগে এই  সমূহ বিষয়ৰ ওপৰত আজিৰ সভাই বিতং ভাৱে আলোচনা কৰি ৰাইজ তথা স্কুল-কলেজৰ ছাত্ৰ-ছাত্ৰীৰ মাজত সজাগতা অনাৰ প্ৰয়াস চলায়।

আনহাতে আজিৰ অনুষ্ঠান টোত উপস্থিত থাকে ধুবুৰীৰ অতিৰিক্ত আৰক্ষী অধীক্ষক দিপ্তী মালী,ধুবুৰী জিলা তথ্য আৰু জনসংযোগ বিষয়া স্নিগ্ধা ৰাণী দাস, অসম ৰাজ্যিক ন্যায় সেৱা প্ৰাধিকৰণৰ আৰু শিশু সুৰক্ষা আৰু অধিকাৰৰ অধিবক্তা সকল, বিভিন্ন খণ্ডৰ শিশু উন্নয়ন প্ৰকল্পৰ বিষয়াসকল, সমাজ কল্যাণ বিভাগৰ বিষয়া -কৰ্মচাৰী সকল,  মহিলা আৰু শিশু বিকাশ বিভাগৰ বিষয়া-কৰ্মচাৰী সকল, অংগনবাদী ৰ কৰ্মী সকল আৰু বিভিন্ন স্কুল-কলেজৰ শিক্ষক, ছাত্ৰ -ছাত্ৰী সকল উপস্থিত থাকে।

ধুবুৰী