সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ অৰ্থে ধুবুৰীত বান প্ৰস্তুতি সভা

সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ অৰ্থে ধুবুৰীত বান প্ৰস্তুতি সভা

author-image
asomiyapratidin
New Update

ডিজিটেল সংবাদ, ধুবুৰী: সাম্ভাব্য বান পৰিস্থিতিৰ মোকাবিলা কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰিবলৈ বৃহস্পতিবাৰে ধুবুৰী জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত উপায়ুক্ত অন্বামুথন এম পিৰ অধ্যক্ষতাত জিলা পৰ্যায়ৰ বান প্ৰস্তুতিৰ এখন বৈঠক অনুষ্ঠিত হয়৷

জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া বিশ্বজিত গোস্বামী, অতিৰিক্ত উপায়ুক্ত মানস শইকীয়া, চক্ৰ বিষয়াসকল আৰু বিভিন্ন বিভাগৰ জিলা পৰ্যায়ৰ মুৰব্বী বিষয়াসকলৰ উপস্থিতিত অনুষ্ঠিত বৈঠকত পূৰ্বৰ অভিজ্ঞতাৰ ভিত্তিত আৰু ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ নিৰ্দেশৰ আধাৰত গ্ৰহণ কৰিবলগীয় আগতীয়া পদক্ষেপবোৰৰ বিষয়ে আলোচনা কৰা হয়৷

বৈঠকত জিলা উপায়ুক্তই বান সাহাৰ্য, ক্ষতিগ্ৰস্থক এককালীন সাহাৰ্য প্ৰদানত কোনো সমস্যা নহয় বুলি মন্তব্য কৰি বান ক্ষতিগ্ৰস্থ চিনাক্তকৰণৰ ক্ষেত্ৰত সতৰ্ক হ'বলৈ চক্ৰ বিষয়াসকলক নিৰ্দেশ দিয়ে৷ তেওঁ কয় যে প্ৰকৃত ক্ষতিগ্ৰস্থই সাহাৰ্য পাব লাগিব৷ মণ্ডলে বুজাবুজিৰে ভুৱা হিতাধিকাৰী সৃষ্টি কৰাৰ দৰে অভিযোগ এইবাৰ যাতে উত্থাপন নহয় তাৰ বাবে চক্ৰ বিষয়া, ক্ষেত্ৰ বিষয়া সকলোকে সতৰ্ক হ'বলৈ কৈ জিলা উপায়ুক্তই কয় যে ক্ষতিগ্ৰস্থ গৃহৰ ফটো ৰাখিবই লাগিব৷ এশ শতাংশ ক্ষতিগ্ৰস্থ গৃহৰ ক্ষেত্ৰত বানৰ পৰৱৰ্তী সময়ত অনুসন্ধান কৰা হ'ব৷

অন্য খবৰ পঢ়ক:বিশ্ব স্বাস্থ্য দিৱস: লাল কিল্লাত সহস্ৰাধিক লোকৰ যোগ প্ৰদৰ্শন

লোকনিৰ্মাণ বিভাগক কাৰো হেঁচাত পৰি বানত পথ নষ্ট হোৱাৰ প্ৰতিবেদন নিদিবলৈ তেওঁ সতৰ্ক কৰি দিয়ে৷ বানে পথ উটুৱাই নিয়া বা নষ্ট কৰাৰ দৰে ঘটনাৰ খবৰ চক্ৰ বিষয়াক লগে লগে অৱগত কৰিবলৈ আৰু পৰিদৰ্শনৰ অন্তত চক্ৰ বিষয়াই চহী কৰা প্ৰতিবেদনহে জমা দিবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ মীন পালন বিভাগকো ভুৱা ক্ষতিগ্ৰস্থৰ নাম নপঠাবলৈ তেওঁ নিৰ্দেশ দিয়ে৷ অনহাতে চক্ৰ বিষয়াকে ধৰি সকলো বিভাগৰ বিষয়াক উদ্ধাৰ কাৰ্যৰ সময়ত পাৰত ৰৈ চাই থকাৰ পৰিৱৰ্তে পানীৰ মাজত থকা বানাক্ৰান্তৰ কাষত থিয় দিবলৈ পৰামৰ্শ দিয়ে জিলা উপায়ুক্তই৷ বৈঠকত চক্ৰ বিষয়াসকলে ৰাজহ চক্ৰ পৰ্যায়ত কৰা বান প্ৰস্তুতিৰ বিষয়ে সদৰি কৰে৷

ধুবুৰীৰ চক্ৰ বিষয়া অভিজিত গগৈয়ে জনায় যে ১৮ খন গাঁও পঞ্চায়তৰ বাবে ১৭ টা ছেক্টৰ গঠন কৰা হৈছে৷ এটা পৃথক ছেক্টৰ গঠন কৰি ধুবুৰী টাউনৰ বান পৰিস্থিতিৰ বাবে বিশেষভাৱে পৰিকল্পনা কৰা হৈছে৷ বৈঠকত আগতীয়াকৈ প্ৰতিৰোধমূলক ব্যৱস্থা লোৱাৰ বাবে খহনীয়াত আক্ৰান্ত হোৱাৰ সম্ভাৱনা থকা শিক্ষানুষ্ঠান, অংগনবাড়ী কেন্দ্ৰবোৰ চিনাক্ত কৰি দিবলৈ শিক্ষা বিভাগ, সমাজ কল্যাণ বিভাগক কোৱা হয়৷

বান সাহাৰ্য শিবিৰ স্থাপন হ'বলগীয়া শিক্ষানুষ্ঠানবোৰৰ পৰিস্কাৰ-পৰিচ্ছন্নতা, খোৱাপানীৰ সুবিধা আদি নিশ্চিত কৰিবলৈ শিক্ষা বিভাগক, পৰ্যাপ্ত ঔষধ মজুত ৰাখিবলৈ আৰু ভ্ৰাম্যমান চিকিৎসা গোট সাজু ৰাখিবলৈ স্বাস্থ্য বিভাগক, ধুবুৰী-পাতামাৰিকে ধৰি খহনীয়া হ'ব পৰা মথাউৰিবোৰ ৰক্ষাৰ বাবে আগতীয়া ব্যৱস্থা ল'বলৈ জলসম্পদ বিভাগক, ব্লিছিং পাইদাৰ, দমকল আদি মজুত ৰাখিবলৈ জনস্বাস্থ্য কাৰিকৰী বিভাগক নিৰ্দেশ দিয়া হয়৷

আৰু পঢ়ক: এয়াৰ ইণ্ডিয়াই বাতিল কৰিলে গুৰুত্বপূৰ্ণ বিমনা সেৱা…