ডিজিটেল সংবাদ শিমলুগুৰিঃ দেওবাৰে নিশা লখিমপুৰ জিলাৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ধলপুৰত পথ দুৰ্ঘটনাত নাওঘুলিৰ শোভন গগৈ (৩৪) নামৰ যুৱকৰ মৃত্যু হয় ৷ নাৰায়ণপুৰৰ পৰা এখন স্কুটীৰে ঘৰলৈ আহি থকা অৱস্থাত অচিনাক্ত বাহনে খুন্দিয়াই যোৱাৰ ফলত গুৰুতৰভাৱে আহত হয় শোভন গগৈ নামৰ যুৱকজন৷ ইয়াৰ পিছতেই পৰিয়ালৰ লোকে খবৰ পাই চিকিৎসালয়লৈ নিয়ে যদিও পথতে মৃত্যু হয় যুৱকজনৰ ৷
গুৰুত্বপূৰ্ণ কথাটো হ'ল দুৰ্ঘটনা সংঘটিত হোৱাৰ ক্ষন্তেক পাচতে ধলপুৰ আৰক্ষীৰ তহলদাৰী এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল যদিও যুবকজনক কোনো সহায় নকৰিলে ৷ বিপৰীতে দুৰ্ঘটনা সংঘটিত কৰা পিকআপ বাহনখন সেইস্থানতে পামচাৰ হৈ আছিল যদিও আৰক্ষীয়ে টকাৰ বিনিময়ত বাহনখন এৰি দিয়াৰ সন্দেহ প্ৰকাশ কৰিছে নাওঘুলি স্থানীয় ৰাইজে৷ দুৰ্ঘটনা সংঘটিত কৰা বাহনখন ধৰি এৰি দিয়া বুলি ফটো ভাইৰেল হৈ পৰাত নিহত যুৱকজনৰ গৃহত দেওবাৰে পুৱাৰে পৰা শ শ লোক উপস্থিত হয় আৰু ধলপুৰ আৰক্ষীক কেইবাঘন্টা ধৰি আৱদ্ধ কৰি জবাবদিহি কৰে ৰাইজে ৷ আৰক্ষীয়ে দোষ স্বীকাৰ কৰি উচিত শাস্তি প্ৰদান কৰাৰ প্ৰতিশ্ৰুতি দিয়াৰ অন্তত মৃতদেহ মৰোনোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰি আৰক্ষী উলাই যায় ৷