Advertisment

নিশা ব্ৰহ্মপুত্ৰ সুঁতিত নৌকা দুৰ্ঘটনাঃ দুই যুৱকৰ সলিল সমাধি..

নিশা ব্ৰহ্মপুত্ৰ সুঁতিত নৌকা দুৰ্ঘটনাঃ দুই যুৱকৰ সলিল সমাধি..

author-image
asomiyapratidin
New Update
নিশা ব্ৰহ্মপুত্ৰ সুঁতিত নৌকা দুৰ্ঘটনাঃ দুই যুৱকৰ সলিল সমাধি..

ডিজিটেল সংবাদ ঢকুৱাখনাঃ সতীৰ্থৰ সৈতে নৌকা বিহাৰ কৰিবলৈ গৈ  ঢকুৱাখনা সদৰ আৰক্ষী থানাৰ অন্তৰ্গত  মাতমৰা অঞ্চলৰ দুগৰাকী ফুল কুমলীয়া যুৱকে সাৱটিব লগীয়া হ'ল অকাল মৃত্যুক। ঘটনাটো সংঘটিত হৈছে বুধবাৰৰ নিশা ভাগত। সংগৃহীত খবৰ অনুসৰি বুধবাৰে বিয়লি মাতমৰাৰ বিনোদ দলেৰ পুত্ৰ পংকজ দলে, বাঞ্জী চাপৰি গাঁওৰ ধৰ্মেন্দ্ৰ দলেৰ পুত্ৰ ৰামদেৱ দলেয়ে অঞ্চলতোৰ সমুদ্ৰ দলে, ভাইটি দলে, আলবাৰ্ট পাংগিংকে ধৰি প্ৰায় ৫ জন সমনীয়াৰ সৈতে মিলি  বিয়লি মাতমৰা জিঅ' টিউব মথাউৰীৰ সমীপৰে প্ৰবাহিত ব্ৰহ্মপুত্ৰৰ এটা সুঁতিৰে নাও লৈ পাৰ হৈ চাপৰিলৈ বুলি গৈছিল।

Advertisment

সন্ধিয়া উক্ত চাপৰিৰ পৰা উভতি আহোতে অকস্মাত সুঁতিটোৰ গভীৰ অংশত সৰু নাওখন ডুব যায়।  হঠাৎ ডুৱন্ত নাওৰ পৰা সাঁতুৰিব জনা সমনীয়া কেইজনে নিজৰ প্ৰাণ বচাই পাৰলৈ উঠি আহে আৰু এগৰাকী যুৱকক বচাবলৈ সক্ষম হয়। কিন্তু সাঁতুৰিব নজনা পংকজ  আৰু ৰামদেৱ সুঁতিত ডুব যায়।  অশেষ সন্ধান চলায়ো উৱাদিহ উলিওৱাত ব্যৰ্থ হোৱাত ঘৰত খবৰ দিয়ে।

নিশাৰ ভাগত সংঘটিত হোৱা এই নৌকা দুৰ্ঘটনাৰ খবৰ পাই গঞাই ব্ৰহ্মপুত্ৰৰ সুঁতিৰ বুকুত সন্ধান চলাই এই দুগৰাকী  যুৱকৰ  মৃতদেহ উদ্ধাৰ কৰিবলৈ সক্ষম হয় । পৰৱৰ্তী সময়ত ঢকুৱাখনা সদৰ থানাত অৱগত কৰাত আৰক্ষী বিষয়া বিনোদ দিহিঙীয়া আৰু   ঢকুৱাখনা ৰাজহ চক্ৰ বিষয়া ৰাহুল পেগু গৈ ঘটনাস্থলীত উপস্থিত হয়  আৰু  বিধিগত কাৰ্য ব্যৱস্থা গ্ৰহণ কৰি মৃতদেহ দুটা মৰণোত্তৰ পৰীক্ষাৰ বাবে থানালৈ আনে । বাৰিষাৰ ব্ৰহ্মপুত্ৰৰ ভৰুণ সুঁতিত সংঘটিত এই শোকাবহ নৌকা দুৰ্ঘটনাত অঞ্চলটোৰ দুগৰাকীকৈ যুৱকৰ সলিল সমাধি ঘটাত সমগ্ৰ মাতমৰা অঞ্চলত শোকৰ ছাঁ পৰিছে।