ডিজিটেল সংবাদ ঢকুৱাখনা: লখিমপুৰ জিলাৰ অন্যতম প্ৰশাসনিক অংগ ঢকুৱাখনা মহকুমাৰ কৌটিকলিয়া ভৌগলিক অস্তিত্বত ২০২১ বর্ষৰ বিয়লি বেলাই প্ৰচণ্ড আঁচোৰ পেলালে। ধেমাজিক জিলা ঘোষণাৰ পূৰ্বৰে পৰা অৰ্থাৎ অবিভক্ত লখিমপুৰ জিলাৰ ইতিহাসৰে পৰা ১৯৮৯ চনত ঢকুৱাখনা মহকুমা ঘোষনাৰ পৰৱৰ্তী সময়লৈকে হাৰ্হি , ধেনুখণা বাটমাৰী ,শিঙিয়া ,গন্ধিয়া আৰু উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ (ক্রিয়দাংশ) প্ৰশাসনিক ভাবে লখিমপুৰ জিলা আৰু ঢকুৱাখনা মহকুমাৰ অন্তৰ্ভুক্ত হৈ চৰকাৰী সেৱা গ্ৰহণ কৰি আহিছিল।
ৰাজনৈতিক ভাবে এই কেইখন গাঁও পঞ্চায়ত ঢকুৱাখনা বিধানসভা সমষ্টিৰ পৰিবৰ্তে ধেমাজি বিধানসভা সমষ্টিৰ অন্তৰ্ভুক্ত হৈ আছিল। প্ৰশাসনিক ভাবে লখিমপুৰ জিলাৰ আৰু ৰাজনৈতিক ভাবে ধেমাজি জিলা বিধানসভা সমষ্টিৰ নাগৰিকৰ দ্বৈত পৰিচিতি লাভ কৰি অহা এই কেইখন গাঁও পঞ্চায়তবাসীয়ে অৱশেষত একক পৰিচিতি লাভ কৰিবলৈ সক্ষম হ'ল। এক কথাত ঢকুৱাখনা মহকুমাৰ প্ৰশাসনিক আওতাৰ পৰা চিৰকালৰ বাবে বিচ্ছেদ হৈ এই পঞ্চায়তকেইখন স্থায়ী ভাবে ধেমাজি জিলা প্ৰশাসনৰ বুকুত সোমাল।
ৰাজ্য চৰকাৰৰ সাধাৰণ প্ৰশাসন ( জি এ ডি) বিভাগৰ আয়ুক্ত সচিব এম এছ মনিবন্ননৰ স্বাক্ষৰিত জি এ জি(বি)/২৯৪/২০২১/১৯ নং নম্বৰৰ এক নিৰ্দেশনা যোগে হাৰ্হি ,গন্ধিয়া , ধেনুখণা বাটমাৰী , শিঙিয়া পঞ্চায়তৰ মুঠ ৪০ টা ৱাৰ্ড আৰু উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ ঘটাপৰা আৰু চৈগুৰি ৱাৰ্ড দুটা সহ সৰ্বমুঠ ৪২টা ৱাৰ্ড পূৰ্বৰ লখিমপুৰ জিলা প্ৰশাসনৰ পৰা আঁতৰাই চৰকাৰী ভাবে ধেমাজি জিলা প্ৰশাসনৰ অন্তৰ্ভুক্ত কৰা হয়। ইয়াৰ ফলত ঢকুৱাখনা মহকুমাৰ ইতিহাসৰ সতে নিবিড় ভাবে সম্পৃক্ত হৈ অহা এই পঞ্চায়ত কেইখন অনাগত সময়ৰ বাবে সংযুক্ত হ'ল ধেমাজি সদৰ মহকুমাৰ সৈতে।
জনসংযোগ বিভাগৰ ডি -১১৫৫৭/২১ নম্বৰৰ জাননী যোগে এই চৰকাৰী নিৰ্দেশনা ৰাজহুৱা প্ৰচাৰ হোৱাৰ লগে লগেই ঢকুৱাখনা মহকুমা প্ৰশাসনৰ এই গুৰুত্বপূৰ্ণ জনসমষ্টিয়ে সুকীয়া প্ৰশাসনিক পৰিচিতি লাভ কৰিলে। বৃহত্তৰ পশ্চিম মাছখোৱাবাসীৰ বাবে ইতিহাস সৃষ্টিকাৰী এই নিৰ্দেশনাকলৈ যুগ যুগ ধৰি দ্বৈত পৰিচয় বহন কৰি অহা ৫ খন পঞ্চায়তবাসী কাৰ্যতঃ উৎফুল্লিত যদিও উত্তৰ ঢকুৱাখনা পঞ্চায়তৰ দুই ৱাৰ্ড ক্ৰমে ঘটাপৰা , চৈগুৰি ,আৰু শিঙিয়া পঞ্চায়তৰ দেৱলিয়া , গুৱাল গাঁও, পানীগাঁও,লাওঁকোঠ কচুৱনী , গৰৈমাৰী ,শিঙিয়া , ধেনুখণা বাটমাৰীৰ বহু কেইখন ৱাৰ্ডৰ নাগৰিক ধেমাজি জিলা সদৰৰ সতে যোগাযোগ কৰাত ভৌগলিক ভাবে কিছু সমস্যাৰ সন্মুখীন হোৱাটো নিশ্চিত।
আনহাতে প্ৰাপ্তি বিলুপ্তিৰ এই হৰ্ষ বিষাদৰ মাজতে চৰকাৰী ভাবে জাৰি কৰা এই নিৰ্দেশনাৰ জৰিয়তে ঢকুৱাখনা মহকুমাৰ কেৱল ভৌগলিক পৰিধিয়ে যে সংকুচিত হ'ব তেনে নহয় ঢকুৱাখনা উন্নয়ন খণ্ডৰ এটা বৃহৎ অংশ অৰ্থাৎ সমগ্ৰ হাৰ্হি জিলা পৰিষদ সমষ্টিটোৱে উন্নয়ন খণ্ডটোৰ প্ৰশাসনিক পৰিধিৰ পৰা নিশ্চিহ্ন হ'ব। তদ্রুপ ভাবে মহকুমাটোৰ সৰ্বমুঠ জনসংখ্যাকে ধৰি সমগ্ৰ তথ্যও চিৰ কালৰ বাবে সংকুচিত হ'ব। চৰকাৰীভাবে জাৰি কৰা এই নিৰ্দেশনাই অবিভক্ত মহকুমাবাসীৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ সূত্ৰপাত ঘটাইছে।