/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2021/08/pothar_11zon-1.jpg)
ডিজিটেল সংবাদ ঢকুৱাখনা: ভয়াবহ অতিমাৰী কোৰোনাৰ কৰাল গ্ৰাসত পৰি গ্ৰাম্য অৰ্থনীতিৰ ভেঁটি সমূলন্সে বিধ্বস্ত হোৱাই নহয় গঞা চহা ৰাইজৰ ভূত ভৱিষ্যত অন্ধকাৰছন্ন কৰি তুলিছে। বিগত প্ৰায় ২ টাকৈ বছৰ বিনা উপাৰ্জনেৰে স্থিতাৱস্থামুখী জীৱন প্ৰণালী অতিবাহিত কৰাৰ সমান্তৰালভাৱে উৰ্ধমুখী অত্যাৱশ্যকীয় সামগ্ৰীৰ দামে এক প্ৰকাৰে কোঙা কৰি তুলিছে খাটি খোৱা মেহনতি ৰাইজক। এনে জটিল পৰিবেশ পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ গ্ৰামাঞ্চলিয় চহা কৃষিজীৱী ৰাইজৰ বাবে প্ৰধান সম্বল হিচাবে পৰিগণিত হৈ আহিছে শাওনৰ এই সোণালী মাহটো।
প্ৰায় ৯০ শতাংশ কৃষিনির্ভৰ পৰিয়ালৰ বসতি প্ৰধান ঢকুৱাখনা মহকুমাৰ গ্ৰাম্য অৰ্থনীতি সৱলীকৰণত এক মেটমৰা অৱদান আগবঢ়াই অহা চহা প্ৰাণ ৰাইজৰ গভীৰ প্ৰত্যাশা আছিল সাঁচতীয়া পুঁজিৰ তলি উদং হোৱাৰ পাছত শাওনৰ পথাৰত ন ভূঁই ৰুই জোৰা টাপলি মাৰিব লাওলোৱা জীৱন জীৱিকাৰ। সেই দীর্ঘম্যাদী পৰিকল্পনাৰে মহকুমাটোৰ কৃষিজীৱী ৰাইজে কঁপালৰ ঘাম পথাৰত পেলাই হাজাৰ বিজাৰ হেক্টৰ নিজা আৰু আধিলৈ লোৱা কৃষি ভূমিত হেঁপাহেৰে হাল জুৰিছিল। ন গোজ দি সপোন দেখিছিল বিধ্বস্ত কঙাল অৱস্থাৰ উত্তৰণ ঘটোৱাৰ।
কিন্তু প্ৰকৃতিৰ ৰূঢ় বাস্তৱে মহকুমাটোৰ প্ৰতিগৰাকী চহাৰ সপোন আৰু সম্ভাৱনাক সমূলি ধূলিস্যাৎ কৰিলে। বিগত সময়ছোৱাত মহকুমাটোত দ্ৰুত খৰাং সদৃশ পৰিস্থিতি উদ্ভৱ হোৱাৰ বাবে শাওনীয়া পথাৰত এইবাৰ জুই জ্বলিছে। প্ৰয়োজনতকৈ প্ৰভূত পৰিমাণৰ কম বৃষ্টিপাত হোৱাৰ নিৰ্মম পৰিণতিত মহকুমাটোৰ সৰ্বত্ৰে শালি খেতিৰ পথাৰত কঠীয়াৰ গোজৰ শ্ৰী বৃদ্ধি নোহোৱাৰ লগতে শুকাই মৰহি নিঃশেষ হোৱা পৰিলক্ষিত হৈছে। প্ৰকৃতিৰ ৰৌদ্ৰ ৰূপত দুখীয়া চহাৰ আশাৰ পথাৰত এতিয়া মেলিছে চিৰাল ফাঁট। কৃষিনির্ভৰ মহকুমাটোৰ ঢকুৱাখনা আৰু সোৱণশিৰী ( ঘিলামৰা) ৰাজহ চক্ৰৰ অন্তৰ্গত অজস্ৰ কৃষকৰ শালি খেতিৰ পথাৰ কেৱল মাত্ৰ পৰ্যাপ্ত পানীৰ অভাৱৰ বাবে এফালৰ পৰা শুকাই ,মৰহি নিঃশেষ হৈ গৈছে শালি ধানৰ গোজ আৰু ফাটি চিৰাচিৰ হৈছে কৃষি ভূমি।
একাংশই পথাৰত কৃত্ৰিম পানীৰ যোগাৰৰ বাবে মন বান্ধিছিল যদিও ইন্ধনৰ সৰ্বোচ্চ মূল্যৰ বাবে সেই আশাত চেঁচা পানী পৰিল। ইপিনে চৰকাৰী জলসিঞ্চন আঁচনিয়ে মহকুমাটোৰ কোনো এখন পথাৰৰ এডৰা মাটিও স্পৰ্শ কৰা নাই। জলসিঞ্চনৰ নামত এটা বৃহৎ বগা হাতীলৈ পতিত হৈ অহা বিয়াগোম বিভাগটোৰ জৰিয়তে মহকুমাটোৰ এজনো চহা কৃষক উপকৃত নোহোৱাৰ পাছত যুগ যুগ ধৰি কৃষিজীৱী পৰিয়ালে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল হৈয়ে কৃষি কৰ্মত মনোনিবেশ কৰি আহিছে। প্ৰকৃতিৰ কৃপাধন্য হৈ বিগত সময়চোৱাত আশাব্যঞ্জক ফচল উৎপাদন কৰিবলৈ সক্ষম হোৱাৰ পৰৱৰ্তী সময়ত এই বৰ্ষত সন্মুখীন হোৱা ভয়ংকৰ খৰাং সদৃশ পৰিস্থিতিয়ে চিন্তিত কৰি তুলিছে কৃষিজীৱী ৰাইজক।
পানীৰ অভাৱত বোকা দিব নোৱাৰাৰ পৰিণতিত শালি ধানৰ কঠিয়া কঠিয়াতলীতে মৰহি উচন যাবলগীয়া মৰ্মান্তিক পৰিস্থিতিৰ উদ্ভৱ হৈছে মহকুমাটোত। গ্ৰাম্য অৰ্থনীতিৰ এনে দ্ৰুত পশ্চাদগামী অৱস্থাৰ বিপৰীতে মহকুমা কৃষি বিভাগে মহকুমাটোত হস্ৰম্যাদী বিকল্প কৃষি আঁচনি গ্ৰহণ নকৰিলে এক ভয়াবহ সন্ধিক্ষণৰ দিশে কৃষক সমাজৰ লগতে গ্ৰাম্য অৰ্থনীতিয়ে গতি কৰাটো পুৰা মাত্ৰাই নিশ্চিত ।