নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ধূপগুৰি কলনি বস্তিত খণ্ড পৰ্যায়ত খেল-ধেমালি…

নেহেৰু যুৱ কেন্দ্ৰৰ উদ্যোগত ধূপগুৰি কলনি বস্তিত খণ্ড পৰ্যায়ত খেল-ধেমালি…

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ নেহেৰু যুৱ কেন্দ্ৰৰ নগাঁৱৰ উদ্যোগত স্বেচ্ছাসেৱী সংগঠন স্বাস্থ্য সেৱা জনকল্যাণ পৰিষদৰ সহযোগত বটদ্ৰৱাৰ ধূপগুৰি কলনি বস্তিত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত খণ্ড পৰ্যায়ত খেল-ধেমালিৰ মঙলবাৰে সামৰণি পৰে।

সোমবাৰে ধূপগুৰি কলনি বস্তি অঞ্চলিক খেল পথাৰত স্বাস্থ্য সেৱা জনকল্যাণ পৰিষদৰ সভাপতি মন্তু বৰুৱা আৰু উচমান গনি জুনিয়ৰ কলেজৰ অধ্যক্ষ ৰফিকুল ইছলামে শুভাৰম্ভণি কৰাৰ পাছতে গছপুলি ৰোপন আৰু স্বচ্ছ ভাৰত অভিযানৰ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। পাছত খণ্ড পৰ্যায়ত খেল ধেমালিত দৌৰ, পুখুৰী পাৰ, ভলীবল, হাই জাম্প, লং জাম্প, বেডমিণ্টন আদি প্ৰতিযোগিতাত কদমনি, বটদ্ৰৱা, ধূপগুৰি, টুকটুকী, চলাপথাৰ, ৰামপুৰ, ডুমডুমীয়া, ধনীয়াভেটি, আমলখি, চহৰীয়া, শলগুৰি আদি অঞ্চলৰ দুই শতাধিক যুৱক যুৱতীয়ে অংশ গ্ৰহণ কৰে।

খেল ধেমালিৰ অন্তত মঙলবাৰে অনুষ্ঠিত বঁটা বিতৰণী সভাত উচমান গনি জুনিয়ৰ কলেজৰ অধ্যক্ষ ৰফিকুল ইছলাম, শিক্ষক ফুৰকান আলী চৌধুৰী, ছাহজাহান আলি, জিয়াবুৰ ৰহমান, ৰহুল আমিন খণ্ডকাৰ, মাইন উদ্দিন, ফকৰ উদ্দিন আলি আহমেদ, সাংবাদিক দিব্যজ্যোতি বৰুৱা, স্বাস্থ্য সেৱা জনকল্যাণ পৰিষদৰ সভাপতি মন্তু বৰুৱা, সম্পাদক মফিদুল ইছলাম, নেহেৰু যুৱ কেন্দ্ৰৰ স্বেচ্ছাসেৱক নাজিৰুল ইছলাম, ইনামুল হক, দিলদাৰ হুছেইন, আজমল কবিৰ, স্বাস্থ্য সেৱা জনকল্যাণ পৰিষদৰ সভাপতি মন্তু বৰুৱা, সম্পাদক মফিদুল ইছলামকে কেইবাগৰাকী ব্যক্তি উপস্থিত থাকে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in