ব্যতিক্ৰমী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰ ধিং...

author-image
Asomiya Pratidin
New Update
ব্যতিক্ৰমী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰ ধিং...

ব্যতিক্ৰমী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰ ধিং...

ডিজিটেল সংবাদ, বটদ্ৰৱাঃ ধিং মহাবিদ্যালয়ৰ ৫৯ সংখ্যক সপ্তাহ সমাৰোহৰ সামৰণি অনুষ্ঠানত আজি ব্যক্তিক্ৰমী বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰাৰে মুখৰিত হৈ পৰিল ধিং অঞ্চল। অভিনেত্ৰী আশা বৰদলৈ ফ্লেগ উৰুৱাই শুভাৰম্ভ কৰা সাংস্কৃতিক শোভাযাত্ৰাত বিহু নৃত্য, পৰিবেশ সুৰক্ষাৰ লগতে ঘৰৰ গৃহণী, ৰোৱনী, দাৱনী, হালোৱা, অসমীয়া খাদ্য সম্ভাৰ, পিঠা পনাকে ধৰি বীৰ শ্বহীদ সকল, ভেলাঘৰ, জাতি জনগোষ্ঠীৰ স্বকীয় সংস্কৃতি আদি বিভিন্ন সাংস্কৃতিক উপাদান প্ৰতিফলিত হয়।

Advertisment

অধ্যাপক বিমান দলে, মোচলেহুল ইছলামে আঁত ধৰা অনুষ্ঠানটিত সাংস্কৃতিক শোভাযাত্ৰা শুভাৰম্ভ কৰি আশা বৰদলৈয়ে "ধিং মহাবিদ্যালয় এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান। এই শোভাযাত্ৰাত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলৰ সমাবেশত উখল মাখল পৰিৱেশৰ মাজৰে জীয়াই তুলিছে ঐতিহ্য।" বুলি ভাষন প্ৰদান কৰে।

উল্লেখযোগ্য যে, যোৱা ৩ ফেব্ৰুৱাৰীৰ পৰা নগাঁও জিলাৰ পশ্চিমাঞ্চলৰ অগ্ৰনী উচ্চ শিক্ষাৰ অনুষ্ঠান ধিং মহাবিদ্যালয়ত পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছিল ৫৯ সংখ্যক মহাবিদ্যালয় সপ্তাহ সমাৰোহ। আজি সামৰণি দিনা পুৱা ৯ বজাত সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচীৰ পাছত মহাবিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ প্ৰেক্ষাগৃহত মুকলি সভা আৰু বঁটা বিতৰণী অনুষ্ঠান অনুষ্ঠিত হয়। অধ্যক্ষ ড০ বিমান হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত সভাত নিমন্ত্ৰিত অতিথি ৰূপে অংশ গ্ৰহণ কৰে খেলৌ ইণ্ডিয়াৰ ক' চেয়াৰমেন তথা অসম অলিম্পিক সন্থাৰ কোষাধ্যক্ষ তপন দাস আৰু কৃৰ্তি শিক্ষক, সমাজকৰ্মী মৃগাংক বৰাই।

অনুষ্ঠানটিত উপাধ্যক্ষা ড০ স্নিগ্ধা মহন্ত, মহাবিদ্যালয়ৰ এন এছ এছ (NSS) গোটৰ তত্বাৱধায়ক শিক্ষক ড০ মুকুট মনি শইকীয়া, অধ্যাপক ডম্বৰুধৰ কাকতি, গোবিন চন্দ্ৰ ভৰালী, ৰঞ্জিত বৰদলৈ, পাংকুল প্ৰতীম দলৈ, মুজাহিদুল ইছলাম, অতুল চন্দ্ৰ বৰো, ৰূপম বৰা, ড০ নৱনীতা বৈশ্য, কংকনা শৰ্মা, অনিতা বিশ্ব শৰ্মাকে আদি কৰি অধ্যাপক অধ্যাপিকা সকল উপস্থিত থাকে। নিশালৈ মহাবিদ্যালয় সপ্তাহ সমাৰোহৰ সামৰণি উপলক্ষে "মই এটি দিনৰ জোনাকী" শীৰ্ষক এখনি নাটক পৰিবেশ কৰে নগাঁৱৰ নিবেদন নাট্যগোষ্ঠীয়ে।