অপহৃতা কন্যাক বিচাৰি ধিঙৰ বেছামাৰীত বেংগালুৰুৰ পিতৃ মাতৃঃ ৫ লাখ নিদিলে হত্যা কৰিব অপহৃতাক !

অপহৃতা কন্যাক বিচাৰি ধিঙৰ বেছামাৰীত বেংগালুৰুৰ পিতৃ মাতৃঃ ৫ লাখ নিদিলে হত্যা কৰিব অপহৃতাক !

author-image
asomiyapratidin
New Update
অপহৃতা কন্যাক বিচাৰি ধিঙৰ বেছামাৰীত বেংগালুৰুৰ পিতৃ মাতৃঃ ৫ লাখ নিদিলে হত্যা কৰিব অপহৃতাক !

ডিজিটেল সংবাদ বটদ্ৰৱাঃ নিজ কন্যাক বিচাৰি ধিঙৰ বেছামাৰীত আহি উপস্থিত হৈছে বেংগালুৰুৰ পিতৃ-মাতৃ। ধিং থানাৰ অন্তৰ্গত বেছামাৰীৰ মেহবুব আলম নামৰ এজন যুৱকে বহিঃৰাজ্য কৰ্নাটকৰ বেংগালুৰুৰ চুমায়া হাওলাদাৰ নামৰ এগৰাকী যুৱতীক অপহৰণ কৰাৰ এক চাঞ্চল্যৰ অভিযোগ পোৱা গৈছে।

Advertisment
মেহবুব আলম- অপহৰণকাৰী..

বেংগালুৰুৰ পৰা অহা পিতৃ মাতৃৰ পৰা জানিব পৰা মতে যোৱা ১৯ জুলাইত তেওঁলোকৰ কন্যা সন্ধানহীন হৈছিল। ২৪ ঘন্টাৰ পাছত স্থানীয় আৰক্ষীৰ ওচৰত এজাহাৰ দাখিল কৰাৰ পাছত আৰক্ষীয়ে যুৱতী গৰাকীৰ মবাইল ট্ৰেক কৰাত, অসমত থকাৰ কথা পিতৃ-মাতৃক জানিবলৈ দিয়াত লগে লগে পিতৃ মাতৃ অসমত আহি উপস্থিত হৈ ধিং থানাৰ অন্তৰ্গত তথা আহোম গাঁও আৰক্ষী পহৰা চকীৰ অধীনৰ বেছামাৰীত উপস্থিত হয়।

বহিঃৰাজ্যত নিজৰ অপহৃত কন্যাক বিচাৰি কান্দি কান্দি আৰক্ষীৰ সহায় বিচৰাত আহোম গাঁও আৰক্ষীৰ সহায়ত মেহবুব আলমৰ ঘৰত উপস্থিত হয় যদিও, মেহবুব আলমে অপহৃতাক লৈ ইতিমধ্যে পলায়ন কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।

ইফালে পিতৃ মাতৃয়ে দিয়া আন এক চাঞ্চল্যকৰ অভিযোগ অনুসৰি, অপহৰণকাৰী মেহবুব আলমক নাপাই, তেওঁলোকৰ পৰিয়ালৰ লোকৰ লগত ব্যক্তিগত ভাবে কথা পতাত, মেহবুব আলমৰ পৰিয়ালক ৫ লাখ টকা দিলে অপহৃত যুৱতী গৰাকী পোৱা যাব বুলি জানিবলৈ দিয়ে।

অপহৃতা…

যাৰ পৰিপেক্ষিতত দৰিদ্ৰ শ্ৰমিক পিতৃ মাতৃয়ে তেওলোকৰ জীয়ৰীক মেহবুবে হত্যা কৰিব পাৰে বুলি শংকা প্ৰকাশ কৰি কান্দি কান্দি সাংবাদিকক অভিযোগ উত্থাপন কৰে। যুৱতীগৰাকীৰ দুখীয়া পিতৃ -মাতৃয়ে সংবাদ মাধ্যমৰ জৰিয়তে কান্দি- কান্দি অসম চৰকাৰ তথা প্ৰশাসনক ছোৱালীজনীক উদ্ধাৰ কৰি দিবলৈ কাতৰ আহ্বান জনাইছে।