পহিলা ব’হাগৰ দিনাই ধিঙবাসীৰ বাবে দুঃখবৰ…

পহিলা ব’হাগৰ দিনাই ধিঙবাসীৰ বাবে দুঃখবৰ…

ডিজিটেল সংবাদ, ধিংঃ ব'হাগ বিহুৰ আনন্দ উল্লাসৰ মাজতেই দেওবাৰে শোকৰ ছাঁ পৰে বৃহত্তৰ ধিং অঞ্চলত৷ ধিঙৰ প্ৰবীন শিল্পী শংকৰী সংস্কৃতিৰ সাধক ৰজনীকান্ত বায়নৰ দেহাৱসান ঘটে নিজ বাসভৱনত। সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সেৱকগৰাকীৰ মৃত্যুত শোকাকুল হৈ পৰে বৃহত্তৰ অঞ্চলটো।

বিগত কেইবা মাহ ধৰি অসুস্থ হৈ আছিল প্ৰবীন শিল্পীগৰাকী। প্ৰবীন শিল্পীগৰাকীৰ মৃত্যুত বহুলোকে গভীৰ শোক প্ৰকাশ কৰিছে।

সমাজৰ বিভিন্ন ক্ষেত্ৰৰে জড়িত বিশিষ্ট লোকজনৰ মত্যুত শোক প্ৰকাশ কৰিছে ধিং এক্সপ্ৰেছ হিমা দাস, আউনীআটী শাখা সত্ৰ পৰিচালনা সমিতি, ধিং শাখা সাহিত্য সভা, শিল্পী সমাজ, ধিং প্ৰেছ ক্লাৱ, অসম ৰাজ্যিক সাংবাদিক সংস্থা নগাওঁ জিলা সমিতি, ধিং আঞ্চলিক ছাত্ৰ সন্থাকে ধৰি বিভিন্ন দল সংগঠন আৰু ব্যক্তি বিশেষে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in