/asomiyapratidin/media/media_files/2025/12/18/ikkkdd-2025-12-18-12-40-54.jpg)
ডিজিটেল সংবাদ, বটদ্ৰৱাঃ প্ৰসংগ ধিঙৰ উচ্চেদ অভিযান। নগাঁও জিলা কংগ্ৰেছৰ সম্পাদক ৰাইহান উদ্দীন চৌধুৰীয়ে বিল বেদখল কৰাৰ বাতৰি পৰিবেশনৰ পাছতে, ৰাইহান উদ্দিন চৌধুৰীৰ পক্ষত উলাই আহিল স্থানীয় ৰাইজ। উচ্চেদ সকলোৱে বিচাৰিছে যদিও এজন ব্যক্তিক কিয় আক্ৰমণৰ লক্ষ্য কৰি লোৱা হ'ল।
ৰৌমাৰী বিলৰ ভূমি বহু ব্যক্তিয়ে পুখুৰী খান্দি মৎস্য পালন কৰাৰ পাছত কিয় ৰাইহান উদ্দিন চৌধুৰীৰ নাম লোৱা হল? ইয়াৰ আৰত কিবা ৰাজনীতি আছে নেকি? বুলি স্থানীয় ৰাইজে অভিযোগ তুলিলে। ইফালে চাৰিদিনীয়া কাৰ্য্যসূচীৰে ধিঙত চলি থকা বৃহৎ জলাশয় উচ্ছেদৰ আজি তৃতীয় দিন। আজিও নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত উচ্ছেদ অভিযান চলিছে। ধিং ৰাজহ চক্ৰৰ ৰৌমাৰী বিলৰ আহোম গাঁৱত চলিছে আজিৰ উচ্ছেদৰ কৰ্য্যসূচী।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us