মৰ্মান্তিক! পিতৃৰ গাড়ীৰ চেপাত প্ৰাণ হেৰুৱালে ১৮ মহীয়া সন্তানে

মৰ্মান্তিক! পিতৃৰ গাড়ীৰ চেপাত প্ৰাণ হেৰুৱালে ১৮ মহীয়া সন্তানে

ডিজিটেল সংবাদ, ধিংঃ মৃত্যু কেতিয়া আৰু কেনেকৈ অাহে কোনেও নাজানে। কিন্তু মৃত্যু যদি নিজ পিতৃৰ সামান্য ভুলৰ বাবে হয় তেন্তে তাৰ সমান হৃদয় বিদাৰক তথা নিৰ্মম অান একোৱেই হ'ব নোৱাৰে। এনে এক হৃদয় বিদাৰক ঘটনাই সংঘটিত হৈছে ধিঙৰ ঢাকাইবস্তি গাৱঁত।

ধিঙৰ ঢাকাই বস্তিত সংঘটিত হৈছে এই হৃদয় বিদাৰক দুৰ্ঘটনা। পিতৃৰ গাড়ীৰ চেপাত মৃত্যু সাৱটিবলগীয়া হয় ১৮ মহীয়া সন্তানে। উল্লেখ্য যে, সোমবাৰে পুৱা সংঘটিত হয় এই ঘটনা। পিতৃ মিজানুৰ ৰহমানে নিজৰ এক্সচেন্ট গাড়ীখন ঘৰৰ গেৰেজৰ পৰা পিছুৱাই বাহিৰলৈ ওলাই আনি থাকোতেই সংঘটিত হয় এই ঘটনাটো।

১৮ মহীয়া কন্যা সন্তান মাদিয়া বাহিৰলৈ ওলাই অাহোতেই পিতৃৰ অজানিতে গাড়ীখনৰ চেপাত গুৰুতৰভাৱে অাহত হয়। লগে লগে পিতৃয়ে ধিং এফ অাৰ ইউত ভৰ্তি শিশুটিক ভৰ্তি কৰাই যদিও চিকিৎসকে মৃত বুলি ঘোষণা কৰে।

কন্যা সন্তানটোৰ নিথৰ দেহ ঘৰত অনাৰ লগে লগে এক অবৰ্ণনীয় পৰিবেশৰ সৃষ্টি হয়। অানহাতে, মাতৃ পাৰুল চুলতানাৰ কান্দোনে বাকৰুদ্ধ কৰিলে সকলোকে। এনে অসহনীয় বৰ্তমান সমগ্ৰ অঞ্চলজুৰি শোকৰ ছাঁ পেলাইছে।

Related Stories

No stories found.
logo
Asomiya Pratidin
www.asomiyapratidin.in