ডিজিটেল সংবাদ, ধেমাজিঃ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আৰু ধেমাজি আঞ্চলিক ছাত্ৰ সন্হা সন্থা ,সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ সহযোগত যোৱা ২৬অক্টোবৰৰ পৰা ধেমাজি কাছাৰী ময়দানত চলি থকা তৃতীয় গ্ৰন্থ উৎসৱৰ বৃহস্পতিবাৰে ষষ্ঠ দিনাও উখল-মাখল পৰিবেশ ধেমাজি কাছাৰী ময়দান ৷
বৃহস্পতিবাৰে ষষ্ঠ দিনৰ প্ৰথম কাৰ্য্যসূচীত পুৱা ১১ বজাত জিলা খনৰ বিভিন্ন বিদ্যালয়ৰ ২৮০ গৰাকী ছাত্ৰ-ছাত্ৰী মাজত ঠাইতে লিখা হাতৰ আখৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ বিয়লি ২ বজাত সাধু কথা কোৱাৰ প্ৰতিযোগিতা অনুষ্ঠিত হয় ৷ জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ পৰা অহা ক আৰু খ দুটা শাখাত বিভক্ত কৰা মুঠ ৭৫ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰা সাধু কথা কোৱাৰ প্ৰতিযোগিতাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে আকাশবাণী ডিব্ৰুগড়ৰ অনাতাঁৰ সম্প্ৰচাৰক তথা মাৰ্ঘেৰিটা মহাবিদ্যালয়ৰ অধ্যাপক ড° কৌস্তুভমনি নাথে ৷
সাধু কথাৰ বক্তব্যৰ জৰিয়তে ছাত্ৰ-ছাত্ৰী সকলক উৎসাহিত কৰি বক্তব্যত ড° কৌস্তুভমনি নাথে কয় যে কোৱা আৰু শুনা এই দুয়োটাই ধুনীয়াকৈ সম্পন্ন হ'লেই সাধু কথা সুন্দৰ আৰু সৌন্দৰ্য্যময় হৈ উঠে বুলি উল্লেখ কৰে ৷ শিশুৱে সাধু এটা যেতিয়া শুনে তেতিয়া তেওঁলোকৰ মনত শুনা শব্দবোৰে বহুবোৰ ছবি আঁকি যায় ৷ আৰু শিশুটিৰ মনত অনেক প্ৰশ্নৰ উদয় হোৱা লগতে শিশু এটি সৃষ্টিশীল আৰু অনুসন্ধিৎসু হৈ পৰে ৷
প্ৰসংগক্ৰমে বক্তব্যত তেওঁ শিশু সকলৰ বাবে অনুষ্ঠিত কৰা সাধু কথা প্ৰতিযোগিতাবোৰে সাধু কোৱা আৰু শুনা প্ৰক্ৰিয়াটো জীয়াই ৰখাত শিশু সকলক ইন্ধন যোগাই বুলিও অবগত কৰে ৷ধেমাজি জিলা ছাত্ৰ সন্হাই তৃতীয় গ্ৰন্থ উৎসৱৰ কাৰ্য্যসূচীৰ লগত সংগতি ৰাখি যি সাধু কথা কোৱাৰ প্ৰতিযোগিতাৰে শিশু সকলক আগুৱাই নিয়া ক্ষেত্ৰত লোৱা পদক্ষেপক তেওঁ শলাগ লয় ৷
ইফালে সন্ধিয়া ৭ বজাত বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী সকলৰ বিচিত্ৰানুষ্ঠানৰ পিছতেই স্হানীয় মহাবিদ্যালয় সমূহৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী সকলৰ সংগীতানুষ্ঠানৰ উদ্ধোধন কৰে সদৌ অসম ছাত্ৰ সন্হাৰ কাৰ্য্যনিৰ্বাহক সদস্য বিকাশ মিছঙে ৷
বৃহস্পতিবাৰে অনুষ্ঠিত হোৱা প্ৰতিযোগিতাৰ ফলাফল ঘোষণা
ঠাইতে লিখা হাতৰ আখৰ প্ৰতিযোগিতাত প্ৰথম স্হান লাভ কৰে ধেমাজি গ্ৰামা হাইস্কুলৰ লিষ্টপ্ৰিয়া কোঁৱৰ দ্বিতীয় স্হান লাভ কৰে বি্দ্যা দ্য লিভিং স্কুলৰ মানসজ্যোতি ফুকনে আৰু তৃতীয় স্হান লাভ কৰে ধেমাজি গ্ৰামা হাইস্কুলৰ চন্দনজ্যোতি বৰপাত্ৰগোহাঁইয়ে ৷
একেদৰে সাধু কথা কোৱাৰ প্ৰতিযোগিতাৰ (ক) শাখাত চিচিবৰগাঁও শংকৰদেৱ শিশু বিদ্যা নিকেতনৰ অনুৰাগ চুতীয়াই প্ৰথম স্হান লাভ কৰে ৷ দ্বিতীয় আৰু তৃতীয় স্হান লাভ কৰে ক্ৰমে ধেমাজি মাৰ্দাচ প্ৰাইড স্কুলৰ আদিত্যম কোচ আৰু য়েচেং খামে ৷
(খ) শাখাত প্ৰথম আৰু দ্বিতীয় স্হান লাভ কৰে ক্ৰমে বিদ্যা দ্য লিভিং স্কুলৰ খ্যাতিপ্ৰিয়া গগৈ আৰু মল্লিকা কুটুমে ৷ তৃতীয় স্হান লাভ কৰে ধেমাজি গুৰুকুল বিদ্যালয়ৰ মৃদুশিখা দত্তই ৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us