/asomiyapratidin/media/media_files/2025/09/23/dhemaji-23-2025-09-23-00-40-51.jpg)
ডিজিটেল সংবাদ, ধেমাজিঃ ধেমাজি কোলাপথাৰ লখিমীনগৰ উন্নয়ন সমিতিৰ উদ্যোগত সোমবাৰে সন্ধিয়া ৬ বজাত ধেমাজি ষ্টেডিয়ামৰ সমীপত ধেমাজি নগৰৰ কোলাপথাৰবাসী ৰাইজে একত্ৰিত হৈ হিয়াৰ আমঠু শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে৷ এই উপলক্ষে অনুষ্ঠিত হয় এখন সভাও।
ধেমাজি কোলাপথাৰ লখিমীনগৰ উন্নয়ন সমিতিৰ সম্পাদক অশ্বিনী কুমাৰ দুৱৰাই আঁত ধৰা সভাখনত ধেমাজি মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ তথা বিশিষ্ট শিল্পীকোলাপথাৰ উন্নয়ন সমিতিৰ সভাপতি ড০ বনজিত ভট্টই এগছি বন্তী প্ৰজ্বলনেৰে শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচী আৰম্ভণি কৰে৷ প্ৰাণৰ শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই গাঁওখনৰ উন্নয়ন সমিতিৰ সভাপতি ড০বনজিত ভট্টই বক্তব্যত কয় যে জুবিন গাৰ্গ কেৱল এগৰাকী মহান শিল্পীয়েই নহয় তেওঁ এগৰাকী প্ৰকৃতি প্ৰেমীও আছিল৷
যি এক বিশাল নিজৰ সাংস্কৃতিক কৰ্মসূচীৰ মাজতে প্ৰকৃতি, গছ-গছনিৰ লগতে জীৱ-জন্তুসকলৰ লগতো কল্পনা কৰিব নোৱাৰাকৈ ভাল পোৱা এক চৰিত্ৰ প্ৰকাশ পাইছিল৷ এনেকুৱা এটা বিৰল সত্ত্বাই কেতিয়াও জন্ম গ্ৰহণ কৰা নাছিল৷ তেওঁ জুবিন গাৰ্গক অসমবাসীৰ বাবে আৱিৰ্ভাৱহে হৈছিল বুলি উল্লেখ কৰে৷
৫২ বছৰ বয়সত মৃত্যু হোৱা শিল্পীগৰাকীৰ বিশাল সৃষ্টিৰাজিৰ নৱপ্ৰজন্মক অনুসৰণ কৰিবলৈ আহবান জনোৱাৰ লগতে এই আমাৰ জীয়াই ৰাখিবলৈও অনুৰোধ তেওঁ অনুৰোধ জনায়৷ অনুষ্ঠানত কোলাপথাৰ লখিমীনগৰ উন্নয়ন সমিতিৰ সদস্য প্ৰকাশ বৰুৱাই বক্তব্যত প্ৰয়াত শিল্পীগৰাকীক শ্ৰদ্ধাঞ্জলি জনাই শিল্পীগৰাকীক অসমৰ অদ্বিতীয় এনে মহান শিল্পী কেতিয়াও জন্ম গ্ৰহণ নহব বুলিও উল্লেখ কৰে৷
শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শিক্ষাবিদ গিৰিজা দেৱী, ধেমাজি মহাবিদ্যালয়ৰ অধ্যাপক ক্ৰমে ৰিদীপ ফুকন, মাধুৰ্য্য গগৈ, শংকৰ পাল, শিক্ষক দেৱজ্যোতি কলিতা, স্বপন মণ্ডল, মৰমী কলিতা, ৰাজীৱ দিহিঙ্গীয়া, ৰিকুন দত্ত, মাৰ্ধুয্য বৰুৱা, মাটিৰাম মিলি আৰু ধেমাজি বানিজ্য মহাবিদ্যালয়ৰ অধ্যাপক ড° আটাউৰ ৰহমানকে ধৰি গাঁওখনৰ বহুকেইগৰাকী বিশিষ্ট বক্তি আৰু ৰাইজে উপস্থিত থাকে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us