/asomiyapratidin/media/media_files/2025/12/22/1-2025-12-22-09-29-41.jpg)
ডিজিটেল সংবাদ,ধেমাজিঃ ধেমাজি বালিকা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা তথা শিশু কৰ্মী,লেখক, সমাজকৰ্মী বন্দনা দত্ত হাজৰিকালৈ সদৌ অসম মইনা পাৰিজাতৰ অন্তৰ্গত দক্ষিণ ধেমাজি আঞ্চলিক মইনা পাৰিজাতে ২০২৫ বৰ্ষৰ বাবে শিশু সুহৃদ বঁটা আগবঢ়াইছে ৷
উল্লেখ্য যে, ১৯৭২-৭৩ চনৰ পৰাই মইনা হিচাপে সদৌ অসম মইনা পাৰিজাতৰ সৈতে জড়িত থকা বন্দনা দত্ত হাজৰিকাই ২০০০ চনত ধেমাজি জিলা মইনা পাৰিজাতৰ পৰিচালক হিচাপে ৰাজ্যিক সমাৰোহত অংশগ্ৰহণ কৰা উপৰিও ২০০৪ চনত ধেমাজি জিলা মইনা পাৰিজাতৰ কাৰ্য্যকৰী সদস্য, ২০১৫ চনত সদৌ অসম মইনা পাৰিজাতৰ ৰূপালী জয়ন্তী সমাৰোহৰ কাৰ্য্যকৰী সভাপতি ,পৰবৰ্তী সময়ত ধেমাজি জিলা মইনা পাৰিজাতৰ সাংগাঠনিক সম্পাদক হিচাপে দায়িত্ব পালন কৰে।
২০২৩ চনত ধেমাজিত অনুষ্ঠিত হোৱা সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক শিশু সমাৰোহৰ কৰ্ণাধাৰ সমিতিৰ অন্যতম সদস্য, স্মৃতি গ্ৰন্থ সম্পাদনাৰ সমিতিৰ সভাপতি, ২০২৩ চনৰ একেটা বছৰতেই শেষৰ ফালে ধেমাজি জিলা মইনা পাৰিজাতৰ জিলা সমিতিৰ সভানেত্ৰী, ২০১৩ পৰা ২০১৭ চনলৈকে সদৌ অসম মইনা পাৰিজাতৰ ৰাজ্যিক কাৰ্য্যনিৰ্বাহকৰ সদস্যা,২০২৫ চনত বিজ্ঞান সমাৰোহ উপ সমিতিৰ যুটীয়া সম্পাদকে ধৰি জিলাখনৰ মইনা পাৰিজাতৰ সাংগঠনিক কামকাজৰ লগতে শিশুৰ বৌদ্ধিক,মানসিক বিকাশৰ অৰ্থে শিশু সাহিত্যৰাজি সৃষ্টিত ব্ৰতী থকাৰ লগতে শিশু সকলৰ কল্যানৰ হকে আহোপুৰুষাৰ্থ চেষ্টাৰ অব্যাহত ৰাখিছে ৷
দেওবাৰে বিয়লি ধেমাজি প্ৰেছ ক্লাবত ধেমাজি জিলা সাহিত্য সভাৰ সভাপতি ৰনজিৎ চিৰিঙৰ সভাপতিত্বত অনুষ্ঠিত হোৱা ৰাজহুৱা সভাত দক্ষিণ ধেমাজি আঞ্চলিক মইনা পাৰিজাতৰ উদ্যোগতা সকলে আনুষ্ঠানিকভাৱে এই বঁটা প্ৰদান কৰে ৷ বঁটা প্ৰদান অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বন্দনা দত্ত হাজৰিকাৰ কৰ্মৰাজীক প্ৰশংসা কৰি বক্তব্য ৰাখে ক্ৰমে ধেমাজি জ্যেষ্ঠ মহিলা তথা আইদেউ সন্দিকৈ বঁটা প্ৰাপক বিমলা গগৈ গোহাঁইৰ লগতে কেবাগৰাকীয়ে বিশিষ্ট ব্যক্তিয়ে।
শেষত বঁটা প্ৰাপক বন্দনা দত্ত হাজৰিকাই বক্তব্যত নিজৰ কৰ্মৰাজীক সোঁৱৰি আবেগিক হৈ পৰে ৷ বঁটা প্ৰদানৰ সভাৰ আৰম্ভণিতে দক্ষিণ ধেমাজি আঞ্চলিক মইনা পাৰিজাতৰ সভাপতি তুলতুল ফুকনে সভাৰ উদ্দেশ্যে ব্যাখ্যাত শিশু সকলৰ কল্যানৰ হকে দীঘদিন ধৰি কাম কৰি অহা শিশু কৰ্মী, শিক্ষাবিদ তথা সমাজকৰ্মী বন্দনা দত্ত হাজৰিকাক প্ৰথম বাৰৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে বুলি অৱগত কৰে৷
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us