চিলাপথাৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষ উদ্বোধন...

আৰ এছ এছৰ শতাব্দী বৰ্ষ উদ্বোধনী কাৰ্যক্ৰমৰ উপলক্ষত চিলাপথাৰত বিশেষ সভা অনুষ্ঠিত হয়। সংঘৰ ধেমাজি জিলাৰ উদ্যোগত ডিমৌ খণ্ডত স্থানীয় গোৰ্খা ভৱনত অনুষ্ঠিত হয় এই সভা। 

author-image
Asomiya Pratidin
New Update
silapathar 10

ডিজিটেল সংবাদ চিলাপথৰঃ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষ উদ্বোধনী কাৰ্যক্ৰমৰ উপলক্ষত আজি চিলাপথাৰত এক বিশেষ সভা অনুষ্ঠিত হয়। সংঘৰ ধেমাজি জিলাৰ উদ্যোগত চিলাপথাৰ ডিমৌ খণ্ডত স্থানীয় গোৰ্খা ভৱনত অনুষ্ঠিত হয় এই সভা। 

অজয় মিপুনে আঁতধৰা অনুষ্ঠানত পোনতে সদ্যপ্ৰয়াত অসমীয়া হিয়াৰ আঁমঠু জুবিন গাৰ্গৰ প্ৰতিকৃতিৰ সন্মুখত বন্তী প্ৰজ্বলন কৰে বিশিষ্ট পণ্ডিত তথা প্ৰাক্তন অধ্যাপক কৃষ্ণ সাপকটাই। ইয়াৰ পিছতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ প্ৰতিষ্ঠাপক সকলৰ প্ৰতি জনোৱা হয় গভীৰ শ্ৰদ্ধাঞ্জলি।

অনুষ্ঠানৰ মাজতে দেশপ্ৰেমমূলক গীতৰ লগতে সামৰিক কুচকাৱাজ প্ৰদৰ্শন কৰে শিশুসকলে।কাৰ্যসূচীত বিশিষ্ট অতিথি হিচাপে উপস্থিত কৃষি বিকাশ কেন্দ্ৰৰ বিজ্ঞানী ড০ গুঞ্জন গগৈয়ে সাম্প্ৰতিক সময়ত বাচ-বিচাৰ নোহোৱাকৈ ব্যাপক হাৰত প্লাষ্টিকৰ ব্যৱহাৰে সমাজৰ বাবে কিদৰে ভয়ংকৰ বিপদ আনিছে সেই বিষয়ে ৰাইজৰ আগত সাৰুৱা বক্তব্য দাঙি ধৰে পৰামৰ্শ প্ৰদান কৰে। 

একেদৰে অনুষ্ঠানত উপস্থিত সংঘৰ নেতা পাৱেই সনাতন ধৰ্ম আৰু RSS ৰ আদৰ্শ লক্ষ্য আৰু উদ্দেশ্যৰ বিষয়ে ৰাইজক বিস্তাৰিতভাৱে বক্তৃতা দাঙি ধৰে। প্ৰতিকুল পৰিস্থিতিৰ মাজতো অনুষ্ঠানত ৰাইজৰ সৈতে সংঘৰ বিভিন্ন অঞ্চলৰ কৰ্মকৰ্তা আহি অংশগ্ৰহণ কৰি কাৰ্যসূচী সফল কৰি তোলে। 

আৰ এছ এছ চিলাপথাৰ