Advertisment

ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সাফল্যৰ ধাৰাবাহিকতা...

ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সাফল্যৰ ধাৰাবাহিকতা

author-image
Asomiya Pratidin
New Update
ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ সাফল্যৰ ধাৰাবাহিকতা...

ডিজিটেল সংবাদ, চিলাপথাৰঃ চিলাপথাৰ অঞ্চলৰ ডিমৌ চিনিয়ৰ চেকেণ্ডাৰী স্কুলৰ পৰিক্ষাৰ্থীসকলে অক্ষত ৰাখিলে সফলতাৰ ধাৰাবাহিকতা। বৃহস্পতিবাৰে ঘোষণা কৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল মতে এইবাৰ শিক্ষানুষ্ঠানখনে ৯৬.৬১% উত্তীৰ্ণ হাৰেৰে সাফল্যৰ ধাৰাবাহিকতা অব্যাহত ৰাখে।

Advertisment

উল্লেখযোগ্য যে শিক্ষানুষ্ঠানখনত ক'লা শাখাত অৱতীৰ্ণ হোৱা মুঠ ২৩৬ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ৭৬ জনে প্ৰথম, ১৩১ জনে দ্বিতীয় আৰু ২১ জনে তৃতীয় বিভাগত উত্তীৰ্ণ হয়।

বিজ্ঞান শাখাত অৱৰ্তীৰ্ণ হোৱা ১৫জন পৰীক্ষাৰ্থীৰ ভিতৰত ১৫ জনেই প্ৰথম বিভাগত উত্তীৰ্ণ হয়। সেইদৰে বাণিজ্য শাখাত অৱতীৰ্ণ হোৱা ৩১জন পৰীক্ষাৰ্থীৰ ৪ জনে প্ৰথম, ২৬জনে দ্বিতীয় আৰু ২ জনে তৃতীয় বিভাগত সফলতা লাভ কৰে।

শিক্ষানুষ্ঠানখনৰ এই সাফল্যত অঞ্চলবাসী ৰাইজে সন্তোষ প্ৰকাশ কৰিছে। ছাত্ৰ-ছাত্ৰীসকলৰ এই কৃতকাৰ্যতাত উৎফুল্লিত হৈ শিক্ষানুষ্ঠাখনৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ ইন্দ্ৰকান্ত দিহিঙীয়াই সকলোকে শুভেচ্ছা জ্ঞাপন কৰি উজ্বল ভৱিষ্যত কামনা কৰিছে।

Also Read: লখিমপুৰত মৰেল পুলিচিংঃ পুত্ৰক বচাবলৈ গৈ প্ৰাণ হেৰুৱালে মাতৃয়ে

silapathar hs results