চৰ্দাৰ বল্লভ ভাই পেটেলৰ জন্ম জয়ন্তীৰ উপলক্ষে ধেমাজিত একতা সভা

মন্ত্ৰী ডাঃ ৰনোজ পেগু , সাংসদ প্ৰদান বৰুৱাই একোটিকৈ গছপুলি ৰোপণ কৰিয়েই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনৰ আদৰণি ভাষণ দিয়ে ধেমাজি জিলাৰ উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাই ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজিঃ  সমগ্ৰ দেশৰ লগতে  বুধবাৰে ধেমাজি জিলাতো মেৰি যুৱ ভাৰত ধেমাজি আৰু জিলা প্ৰশাসনৰ উদ্যোগত চৰ্দাৰ বল্লভ ভাই পেটেলৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি ধেমাজি মহাবিদ্যালয়ৰ খেলপথাৰত একতা যাত্ৰা সভা অনুষ্ঠিত কৰা হয় ।  

WhatsApp Image 2025-11-05 at 9.09.36 PM

আৰম্ভণিতে মন্ত্ৰী ডাঃ ৰনোজ পেগু , সাংসদ প্ৰদান বৰুৱাই একোটিকৈ গছপুলি ৰোপণ কৰিয়েই অনুষ্ঠানৰ শুভাৰম্ভ কৰে ৷ এই উপলক্ষে অনুষ্ঠিত হোৱা সভাখনৰ আদৰণি ভাষণ দিয়ে ধেমাজি জিলাৰ উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰাই ৷

 সভাত ধেমাজি সমষ্টিৰ বিধায়ক তথা শিক্ষামন্ত্ৰী ডাঃ ৰনোজ পেগুৱে বক্তব্যত আত্মনিৰ্ভৰশীল ভাৰত গঢ়ি তোলাৰ উদ্দেশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত ২০৪৭ চনৰ পূৰ্বে এখন বিকশিত ভাৰত গঢ়ি তোলাৰ 
কাৰনে যি যাত্ৰাৰ আৰম্ভ  কৰিছোঁ এই যাত্ৰাত চৰ্দাৰ বল্লভ ভাই পেটেলৰ আদৰ্শৰ আগত ৰাখি আগবাঢ়িছো বুলি উল্লেখ কৰে ৷

WhatsApp Image 2025-11-05 at 9.09.38 PM

বল্লভ ভাই পেটেলক মন্ত্ৰীয়ে লৌহ মানৱ বুলি জনা যায় বুলি কয় ৷ বক্তব্যত তেওঁ পেটেল কেৱল শাৰীৰিক ভাৱেই লৌহ মানৱ নাছিল ,মানসিক দৃঢ়তাৰেও লৌহ মানৱ আছিল বুলি  উল্লেখ কৰি পেটেলৰ আদৰ্শৰেই আমাৰ মূল লক্ষ্য উদ্দেশ্যে বুলি অৱগত কৰে ৷

সভাত লখিমপুৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱাই বক্তব্য ৰাখে ৷ সভাত ধেমাজি মহাবিদ্যালয়ৰ অধ্যক্ষ ড°
দিপক কুমাৰ নেওগ , জিলা আয়ুক্ত ৰাহুল সুৰেশ জাভীৰ , ধেমাজি জিলা নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোঁৱৰ , ধেমাজি পৌৰ সভাৰ পৌৰপতি দ্বীপ ৰেখা দাস বাঘ্ৰী , ধেমাজি জিলা বিজেপি সভাপতি ৰূপা কামান , জিলা পৰিষদৰ সদস্যা জ্যোতিপ্ৰভা দলে পেগুৰ লগতে ধেমাজি বহু কেইখন বিদ্যালয়- মহাবিদ্যালয়ৰ ছাত্ৰ -ছাত্ৰী, শিক্ষক-শিক্ষয়ত্ৰী উপৰিও অঞ্চলৰ শতাধিক ৰাইজে উপস্থিত থাকে ৷

WhatsApp Image 2025-11-05 at 9.09.37 PM

সভাৰ পিছতেই মহাবিদ্যালয়ৰ খেলপথাৰৰ পৰা ধেমাজি তিনি আলি আৰু চাৰিআলি হৈ পুনৰ মহাবিদ্যালয় খেল পথাৰলৈকে ধেমাজি নগৰত একতা পদযাত্ৰা কৰা হয় ৷ এই পদযাত্ৰাত  অংশগ্ৰহণ কৰে মন্ত্ৰী ৰনোজ পেগু, সাংসদ প্ৰদান বৰুৱা, জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ, জিলা উন্নয়ন আয়ুক্ত দেৱেশ্বৰ বৰা, ধেমাজি নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ তোলন কোৱঁৰ, ধেমাজি পৌৰসভাৰ পৌৰপতি দ্বীপ ৰেখা দাস বাঘ্ৰী , জিলা পৰিষদৰ সদস্যা জ্যোতিপ্ৰভা দলে পেগু ধৰি ভালে কেইজন বিশিষ্ট ব্যক্তিৰ লগতে বহু সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে’ অংশগ্ৰহণ কৰে ৷

ধেমাজি