গ্ৰাম্য শিপিনীৰ বিপনী কেন্দ্ৰ সোৱণশিৰি হাট উদ্বোধন মন্ত্ৰী ৰনোজ পেগুৰ

উদ্বোধন কৰা আত্মসহায়ক গোটৰ শিপিনী সকলৰ বিক্ৰী কেন্দ্ৰটোৰ বাবে যি প্ৰয়োজন হয় তাৰ সকলো খিনি ব্যৱস্থা গ্ৰহনৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰে সদায় প্ৰস্তুত আছে বুলিও অৱগত কৰে ৷

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ ,ধেমাজিঃ  ধেমাজিৰ গ্ৰাম্য শিপিনী সকলক আৰু অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ধেমাজি জিলা প্ৰশাসনৰ উদ্যোগত আৰু ধেমাজি উন্নয়ন খণ্ডৰ সহযোগত ধেমাজিত ১৩ টা বিপনী কেন্দ্ৰ সোৱনশিৰি হাট আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মন্ত্ৰী ডা০ ৰনোজ পেগুৱে ৷

বিপনী কেন্দ্ৰ সোৱণশিৰিহাট উদ্বোধনী কৰি মন্ত্ৰী পেগুৱে বক্তব্যত কয় যে, আত্মসাহায়ক গোটৰ শিপিনী সকলৰ উৎপাদিত সামগ্ৰী সমূহ বিক্ৰী কৰাৰ সুবিধাৰ্থে এক নতুন ৰূপত এই বিক্ৰী কেন্দ্ৰ সোৱনশিৰি হাট স্থাপন কৰা হৈছে।

উদ্বোধন কৰা আত্মসহায়ক গোটৰ শিপিনী সকলৰ বিক্ৰী কেন্দ্ৰটোৰ বাবে যি প্ৰয়োজন হয় তাৰ সকলো খিনি ব্যৱস্থা গ্ৰহনৰ বাবে জিলা প্ৰশাসন আৰু চৰকাৰে সদায় প্ৰস্তুত আছে বুলিও অৱগত কৰে ৷ এই সোৱনশিৰি হাটৰ বিপনী কেন্দ্ৰটো বছৰটো বাৰ মাহে খোলা থাকিব বুলি উল্লেখ কৰি ৰাইজক সোৱনশৰি হাটলৈ আহিবলৈ মন্ত্ৰীয়ে আহ্বান জনায় ৷

উদ্বোধনী অনুষ্ঠানত লখিমপৰ লোক সভাৰ সাংসদ প্ৰদান বৰুৱা , নৱাডৰ মুখ্য মহা প্ৰৱন্ধক লোকেন দাস , ধেমাজি জিলা আয়ুক্ত ৰাহুল সুৰেশ জাৱীৰ , ধেমাজি জিলা পৰিষদৰ সভাপতি ভূপেন চুতীয়া , জিলা পৰিষদৰ মুখ্য  কাৰ্য্যবাহী বিষয়া বিতোপন নেওগ , ধেমাজি খণ্ড উন্নয়ন বিষয়া পলাশ ৰঞ্জন হাজৰিকা, জিলা পৰিষদ , আঞ্চলিক পঞ্চায়তৰ সদস্য , গাঁও পঞ্চায়ত সদস্য-সদস্যাৰে ধৰি জিলা  প্ৰশাসনৰ বিষয় কৰ্মচাৰী সকলৰ লগতে  শতাধিক ৰাইজে উপস্থিত থাকে ৷

ধেমাজি