নিলখ টকৌৱনী যুৱক সংঘৰ প্ৰতিষ্ঠা দিৱসত পুতলা নাচ প্রদর্শন

নিলখ টকৌৱনী যুৱক সংঘৰ প্ৰতিষ্ঠা দিৱসত পুতলা নাচ প্রদর্শন

author-image
Asomiya Pratidin
New Update
নিলখ টকৌৱনী যুৱক সংঘৰ প্ৰতিষ্ঠা দিৱসত পুতলা নাচ প্রদর্শন

ডিজিটেল সংবাদ, চিলাপথাৰঃ আধুনিকতাৰ ধামখুমীয়াত পৰি ক্ৰমাৎ অসমৰ পৰা হেৰাই গৈছে এক প্ৰাচীন অভিনয় কলা পুতলা নাচ। কেইটামান দশকলৈকে দৰ্শকৰ বিপুল সঁহাৰি লাভ কৰি থকা পুতলা নাচ থিয়েটাৰ সমূহ বিভিন্ন কাৰকৰ প্ৰভাৱত বৰ্তমান প্ৰায় লুপ্তপ্ৰায়।

Advertisment

এই লুপ্তপ্ৰায় সংস্কৃতিক ধৰি ৰাখিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে নিলখৰ কেইজনমান অতি দৰিদ্ৰ খৰি বিক্ৰী কৰি পৰিয়াল পোহপাল দিয়া সংস্কৃতিপ্ৰেমী লোকে। এই লুপ্তপ্ৰায় সংস্কৃতিক পুনৰোজ্জীৱিত কৰাৰ মহান উদ্দেশ্য আগত ৰাখি বুধবাৰে চিলাপথাৰৰ নিলখ টকৌৱনীত প্রদর্শন কৰা হয় পুতলা নাচৰ নাট।

দুদিনীয়া কাৰ্যসূচীৰে উদযাপন কৰা নিলখ টকৌৱনী যুৱক সংঘৰ নৱম বাৰ্ষিক প্ৰতিষ্ঠা দিৱসত প্ৰদৰ্শন কৰা হয় এই নাটক। লগতে অনুষ্ঠিত হয় দিহানামৰ প্ৰতিযোগিতা । প্ৰথম দিনাৰ আনুসংগিক কাৰ্যসূচীসমূহৰ পিছতে অনুষ্ঠিত কৰা হয় ছাত্ৰ-ছাত্ৰীসকলৰ মাজত বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাৰ।

বুধবাৰে নিশালৈ বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ অন্তত অনুষ্ঠিত কৰা হয় নিলখৰ ত্ৰিনয়ন পুতলা নাচ গোষ্ঠীৰ উদ্যোগত "সীতা হৰণ, বালি বধ" নামৰ পুতলা নাচ। পুৱতি নিশালৈকে চলা সাংস্কৃতিক অনুষ্ঠানত অঞ্চলটোৰ লগতে দূৰ-দূৰণিৰ বহুতো দৰ্শকে উপভোগ কৰে। অন্তিম দিনটোত অনুষ্ঠিত হয় এখন মনোজ্ঞ আলোচনা চক্ৰৰ লগতে দিহানামৰ প্ৰতিযোগিতা।

Also Read: অন্য় এক অভিলেখৰ দিশে ৰোহিত শৰ্মা...

puppetry