/asomiyapratidin/media/media_files/2025/09/13/1-2025-09-13-22-48-52.jpg)
ডিজিটেল সংবাদ,ধেমাজি: সমগ্ৰ দেশৰ লগতে শনিবাৰে ধেমাজি জিলাতো জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হয় ৷ ধেমাজি জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্য্যালয়ে জনোৱা মতে ধেমাজি ন্যায়িক আদালত আৰু জোনাই মহকুমাৰ আদালতৰ প্ৰাংগনত সুকীয়া- সুকীয়াকৈ অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় লোক আদালতত মটৰ দূৰ্ঘটনা, মটৰ চাইকেল জৰিমনা, ফৌচদাৰী গোচৰ, বেংক ৰিকভাৰী গোচৰ সমূহ নিষ্পত্তি কৰা হয় ৷ পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজাৰলৈকে অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় লোক আদালতৰ ধেমাজি আৰু জোনাই দুয়োখন আদালতে মুঠ ২৫৬ টা গোচৰ লগতে ৫৭৩৫৮৭২ টকা ধনৰ নিষ্পত্তি কৰে ৷