ভাৰতীয় জীৱন বীমা নিগমৰ ধেমাজি শাখা কাৰ্য্যালয়ৰ উদ্যোগত সজাগতামূলক বাইক ৰেলী

ভাৰতীয় জীৱন বীমা নিগমে শেহতীয়াকৈ বিশেষভাৱে মহিলা সকলৰ বাবে বীমা লক্ষ্মী নামৰ আঁচনিৰ লগতে জন সুৰক্ষা আঁচনিখনকে ধৰি আন কেইবাখনো নতুন আঁচনি সন্দৰ্ভত শাখা পৰিচালক গৰাকীয়ে ৰাইজক অৱগত কৰে।

author-image
Asomiya Pratidin
New Update
1

ডিজিটেল সংবাদ,ধেমাজিঃ ভাৰতীয় জীৱন বীমা নিগমৰ যোৰহাট সংমণ্ডলৰ অধীনত থকা LICI ৰ ধেমাজি শাখাৰ উদ্যোগত মঙলবাৰে কাৰ্যালয় চৌহদৰ পৰা ধেমাজি নগৰখনত বিষয়া,কৰ্মচাৰী,অভিকৰ্তা তথা গ্ৰাহক সকলৰ অংশগ্ৰহণেৰে এক বাইক সমদল উলিয়াই।

এই সমদলৰ উদ্দেশ্য আছিল ৰাইজক সজাগ কৰা। ভাৰতীয় জীৱন বীমা নিগমে শেহতীয়াকৈ বিশেষভাৱে মহিলা সকলৰ বাবে বীমা লক্ষ্মী নামৰ আঁচনিৰ লগতে জন সুৰক্ষা আঁচনিখনকে ধৰি আন কেইবাখনো নতুন আঁচনি সন্দৰ্ভত শাখা পৰিচালক গৰাকীয়ে ৰাইজক অৱগত কৰে।

উল্লখযোগ্য় যে, কম আয়ৰ লোক সকলে কিদৰে নিজৰ জীৱন আৰু আৰ্থিক দিশটো সুৰক্ষিত কৰাৰ লগতে ভৱিষ্যত দিনত লাভৰ মুখ দেখিব পাৰিব সেয়াও শাখা পৰিচালক গৰাকীয়ে সদৰি কৰে।

ধেমাজি